জামুগুৰিহাটত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা, উপস্থিত বিধায়ক পদ্ম হাজৰিকা

জামুগুৰিহাটত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা, উপস্থিত বিধায়ক পদ্ম হাজৰিকা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা,  উপস্থিত বিধায়ক পদ্ম হাজৰিকা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে ২৬৮ সংখ্যক শ্ৰীকৃষ্ণজন্মাষ্টমী আৰু বোকাখেচা ভাওনা ৷ বুধবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰাৰ অন্তত সন্ধ্যা পাতলৰচুক গাওঁৰ নামঘৰত উপস্থিত হয়হি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

Advertisment

বিধায়ক গৰাকীয়ে ভক্তপ্ৰাণ ৰাইজক উদ্দেশ্যি কয়-অসমীয়া সমাজখনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ জনাৰ সৃষ্টি ৰাজি আমি যুগমীয়া কৰি ৰাখিব লাগিব ৷ ভাওনা সংস্কৃতিয়ে অসমীয়া সমাজখনক শক্তিশালী আৰু সুদৃঢ় কৰি ৰাখিছে ৷ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ পদধুলাই বৈকুণ্ঠ নগৰীত পৰিণত কৰা পাতলৰচুক গাঁৱৰ নামঘৰৰ থাপনাত আঠু লৈ শলিতাও আগবঢ়ায় বিধায়ক গৰাকীয়ে ৷

সন্ধিয়া গাওঁখনৰ চৌ দিশ তথা সমগ্ৰ নামঘৰ প্ৰাঙ্গণ ধূপ-ধূনা চাকিৰ পোহৰৰে আলোকিত কৰি এক নান্দনিক পৰিৱেশ সৃষ্টি কৰে গাওঁবাসীয়ে ৷ আজি বিয়লি এই ভাওনাৰ মূল আকৰ্ষণ বোকাখেছা ভাওনা অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

Also Read: পুৰণি পেঞ্চন নীতি বাহালৰ দাবী, চিলাপথাৰত উপস্থিত "ভাৰত যাত্ৰা" সমদল