ডিজিটেল সংবাদ, ছয়দুৱাৰ:-শৈক্ষিক আৰু সাংসাৰিক ব্যস্ততাৰ মাজত কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে ভাষা আৰু জাতিক আগুৱাই নিবলৈ নিৰলসভাবে সেৱা আগবঢ়াই অহা এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী তথা কবি,গল্পকাৰ,সাহিত্য সেৱী আৰু লেখিকা।কাব্য-সাহিত্যৰ পথাৰত সৃষ্টিশীলতাৰ বীজ ৰোপণ কৰি অসমৰ কাব্য-সাহিত্যৰ পথাৰলৈ অফুৰন্ত বৰঙণি আগবঢ়াই অহা এই গৰাকী প্ৰচাৰ বিমুখ নিষ্ঠাবান সাহিত্যসেৱী,গল্পকাৰ,কবি, লেখিকাৰ নাম বৰ্ণালী শইকীয়া।
গহপুৰ মহকুমাৰ গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী,প্ৰতিষ্ঠিত ব্যৱসায়ী অজিত বৰাৰ শিক্ষয়িত্ৰী পত্নী বৰ্ণালী শইকীয়াই নিষ্ঠা আৰু সততাৰে অব্যাহত ৰখা কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ, আকাংক্ষা, মৰম-অত্যাচাৰ আদিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে এক ইতিবাচক পদক্ষেপ।ছাত্ৰী অৱস্থাৰ পৰা কাব্য-সাহিত্যৰ প্ৰতি অধিক ৰাপ থকা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ বৰ্ণালী শইকীয়াই প্ৰথমে একাধিক অসমীয়া বাতৰি কাকতত বিভিন্ন লেখা প্ৰকাশ কৰি নিজৰ প্ৰতিভা ফুটাই তুলিছিল।ইয়াৰ পিছতে তেওঁ লিখিবলৈ লয় ইটোৰ পিছত সিটোকৈ কবিতা আৰু গল্প।
বৰ্ণালী শইকীয়াৰ কলমৰ পৰশত প্ৰাণ পাই উঠা কবিতাই শতক অতিক্ৰম কৰাৰ লগতে অনুগল্প,কথা গল্প আৰু গল্পৰ সংখ্যাই ছয় শতাধিক অতিক্ৰম কৰিছে।তেওঁৰ বিভিন্ন কবিতা,গল্প,কথা গল্প,অনুগল্প, প্ৰবন্ধ আদি একাধিক দৈনিক কাকত আৰু বিভিন্ন আলোচনীত প্ৰকাশ পোৱাৰ লগতে কিতাপ আকাৰেও প্ৰকাশ পাইছে।২০২১ চনত বৰ্ণালী শইকীয়াৰ দুখন কিতাপ প্ৰকাশ পায়। ইয়াৰে প্ৰথমখন হ'ল অনুগল্প "অনুগল্পৰ ৰামধেনু" আৰু দ্বিতীয়খন হ'ল গল্প পুথি "প্ৰতিকৃতি।"ইয়াৰ পিছত ২০২২ চনত শিশু উপযোগী দুখন অনুগল্প ক্ৰমে "ৰং ৰং নানা ৰং" আৰু "জিলিঙনি" প্ৰকাশ পায়।বৰ্ণালী শইকীয়াৰ এই চাৰিখন কিতাপেই বিশেষ সমাদৰ লাভ কৰে পাঠক সমাজৰ মাজত।
ইয়াৰ উপৰিও বৰ্ণালী শইকীয়াই কেইবাখনো উপন্যাস, গল্প আৰু কবিতা পুথি প্ৰকাশৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা বুলি অসমীয়া প্ৰতিদিনক জানিবলৈ দিছে।কাব্য-সাহিত্যক সমাজৰ দাপোন বুলি অনুধাৱন কৰি কাব্য-সাহিত্যৰ পথাৰখনত নিষ্ঠা সহকাৰে মনোনিৱেশ কৰা বৰ্ণালী শইকীয়া "অসমীয়া গদ্য চৰ্চা" আৰু ডিজিটেল মাধ্যম "অসমীয়া সাহিত্য চৰ্চাৰ পথাৰ" পৃষ্ঠাৰ নিয়মীয়া লেখিকা।
"পথাৰ" নামৰ দুখন ই-মেগাজিন সম্পাদনা কৰাৰ অভিজ্ঞতা থকা বৰ্ণালী শইকীয়াই কাব্য-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই অহা আন্তৰিক সেৱাৰ বাবে ২০২০ আৰু ২০২১ চনত "কুঁহিপাত সাহিত্য সৌৰভ" সন্মান,২০২২ চনত "নেৱকাছ"ৰ "সাহিত্য সুৰভি" সন্মান আৰু শেহতীয়াভাবে চিত্ৰবন শাখা সাহিত্য সভাৰ "কৃতজ্ঞতা পত্ৰ" আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ পৰা "অভিনন্দন পত্ৰ" লাভ কৰিবলৈ সক্ষম হৈছে।
বিহু মঞ্চৰ এগৰাকী বিচাৰক হিচাপেও সু-পৰিচিত বৰ্ণালী শইকীয়া অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ উপৰিও বিশ্বনাথ জিলা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ আহ্বায়িকা, গহপুৰ শাখা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ সঞ্চালিকা পদত অধিষ্ঠিত তেওঁ।গহপুৰ কবি কানন,সদৌ অসম কবি চক্ৰকে ধৰি বিভিন্ন কাব্য আৰু সাহিত্য অনুষ্ঠানৰ সৈতে নিবীড় ভাবে জড়িত হৈ নিৰলসভাবে কাব্য-সাহিত্যৰ চৰ্চা কৰি আহিছে তেওঁ।
"সাহিত্য অবিহনে এটা জাতি বা ভাষা জীয়াই থাকিব নোৱাৰে"---এই আপ্তবাক্যশাৰীক সৰোগত কৰি কাব্য-সাহিত্যৰ সৃষ্টিত প্ৰতিভাৰ বীজ অংকুৰিত কৰি অহা বৰ্ণালী শইকীয়াই অঞ্চলটোৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ভোলাগুৰী বালিগাঁও বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে শৈক্ষিক সেৱা আগবঢ়াই আহিছে।শৈক্ষিক আৰু সাংসাৰিক ব্যস্ততাৰ মাজত সময় উলিয়াই আজৰি সময়ত কাব্য-সাহিত্যৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচি এনেদৰে কাব্য-সাহিত্যৰ পথাৰলৈ নিস্বাৰ্থ সেৱা আগবঢ়াই অহা বৰ্ণালী শইকীয়াৰ কৰ্মৰাজিক শলাগ লৈছে বৌদ্ধিক আৰু বিদ্বৎ মহলে।