জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত 'বহাগৰ এনিশা'

জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত 'বহাগৰ এনিশা'

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত 'বহাগৰ এনিশা'

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত বহাগৰ এনিশা আয়োজন কৰা হয়। সোমবাৰে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ বয়োজেষ্ঠ নাগৰিকসকলক উদযাপন সমিতিৰ তৰফৰ পৰা একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক নিতুমনি বৰাই তত্ত্ব গধুৰ মন্তব্য আগবঢ়ায়। নবিল সন্মিলিত যুৱক সংঘৰ উপদেষ্টা উওম দাস, শংকৰ দাস, সমাজকৰ্মী পুষ্পকান্ত মেছ, মীনাৰাম দৈমাৰী, আনন্দ দাস , শিক্ষক দেৱকান্ত দাস, যুৱ ব্যৱসায়ী ছুনিল মেছ ,গাঁওপ্ৰধান ভৱেন দাসৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিতিত আয়োজিত বহাগৰ এনিশা অনুষ্ঠানত জন প্ৰিয় কন্ঠশিল্পী লক্ষী চন্দ্ৰই পৰিবেশন কৰা সংগীতানুষ্ঠান হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

Also Read: বৰপুত্ৰৰ বিয়াৰ যোজাৰ মাজতে অগ্নিকাণ্ডঃ সকলো পুৰি চাৰখাৰ

jamugurihaat