কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুই ভাতৃ

সমাজৰ আন দহজন নিবনুৱা যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে চতিয়াৰ শিক্ষিত যুৱক প্ৰতিষ্ঠিত কবি সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা।
কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুই ভাতৃ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ প্ৰায় এশবিঘা ভূমিৰ কৃষি কৰ্মৰ জৰিয়তে নিজকে একোগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে আন দহজন নিবনুৱা যুৱকৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে চতিয়াৰ খনাগুৰি নিৱাসী প্ৰতিষ্ঠিত কবি, শিক্ষিত যুৱক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা। চাকৰি মনোবৃত্তি পৰিত্যাগ কৰি কৃষিকেই মূল চালিকা শক্তি হিচাপে গ্ৰহণ কৰা চতিয়াৰ খনাগুৰিৰ ভাতৃদ্বয় যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু অন্নদা শংকৰে জামুগুৰিহাটৰ ইটাখোলা অঞ্চলৰ চেঙামাৰীত “বাজিকৰ” নামাকৰণৰ কৃষিপামখনত ঋতু অনুসৰি কৰি আহিছে ভিন ভিন খেতি।

বিশেষকৈ ধান,তামোল,আলু ,মটৰ আৰু বিদেশতো বৰ্তমান সমাদৃত ৰঙালাও খেতিক প্ৰাধান্য দিয়া এই দুই যুৱ কৃষকে এইবেলি ৩৮ বিঘা মাটিত উন্নত প্ৰজাতিৰ আলু খেতি কৰি ১৩০ টন আলু উৎপাদনৰ লক্ষ্য বান্ধি লৈছে। ইতিমধ্যে ইয়াৰে উৎপাদিত ৩৫ টন আলু ৰপ্তানি হৈছে সুপ্ৰতিষ্ঠিত কোম্পানী আৰু বিভিন্ন স্থানলৈ। ২০০৪ চনতে ২২ বিঘা মাটিত শুভাৰম্ভ কৰা তেওঁলোকৰ কৃষি পামখন বৰ্তমান ১০০ বিঘালৈ সম্প্ৰসাৰিত হৈছে। দুইগৰাকী যুৱ কৃষকে এই কৃষি ভূমিত ঋতু অনুযায়ী বিভিন্ন শাক পাচলিৰ খেতি কৰাৰ লগতে ২০ বিঘা মাটিৰে আৱৰা এখন আছে তামোল গছৰ বাৰী।

ইয়াৰোপৰি এইবেলি ১২ বিঘা মাটিত মটৰ মাহৰ খেতি কৰাৰ উপৰিও উন্নতমানৰ গাহৰি আৰু লোকেল মূৰ্গী পুহিও যথেষ্ট লাভাম্বিত হৈছে দুই ভাতৃ যুৱ কৃষকে৷ উন্নত প্ৰজাতিৰ আলু, ৰঙালাও আৰু গাহৰি-মূৰ্গী পালন কৰি বহি:ৰাজ্যলৈ প্ৰেৰণ কৰি নিজকে একো একোগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টাৰ ক্ৰুটি নকৰা দুই ভাতৃয়ে কৃষিকৰ্মৰ জৰিয়তে লাভৱান হোৱা ধনৰ অংশৰে “বাজিকৰ” কৃষি পামখনক অধিক সম্প্ৰসাৰিত কৰিবলৈ অব্যাহত ৰাখিছে প্ৰাণপনে চেষ্টা৷

কৃষি কৰ্মৰ জৰিয়তেই নিজৰ আৰ্থিক ক্ষেত্ৰখন টনকিয়াল কৰিবলৈ সক্ষম হোৱা চতিয়াৰ এই দুগৰাকী শিক্ষিত নিবনুৱা যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু ভাতৃ অন্নদাই চৰকাৰী চাকৰিৰ আশা পৰিত্যাগ কৰি কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰনপোষন দিবলৈ সক্ষম হৈছে৷ যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু অন্নদা শংকৰ কলিতাই অসমৰ নিৱনুৱা সকলৰ প্ৰতি আহ্বান জনাই কয় যে কৰ্ম্ম সংস্থাপনৰ তাগিদাত বহি:ৰাজ্যত গৈ সামান্য কেইটামান টকাৰ বিনিময়ত চিকিউৰিটি গাৰ্ডৰ কামত নিয়োজিত হৈ হাৰাশাস্তিৰ সন্মুখীন হোৱাতকৈ নিজৰ গাঁৱতে থাকি কৃষি কৰ্মত মনোনিৱেশ কৰি স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰনপোষন দিয়াৰ যথেষ্ট উপায় আছে৷

উল্লেখ্য দুয়োৰে মাজৰ জ্যেষ্ঠ ভাতৃ এইগৰাকী যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতাই কৃষি কৰ্মৰ সমান্তৰালকৈ কাব্য চৰ্চাও অব্যাহত ৰাখি নিজকে এগৰাকী সুকবি হিচাপে কাব্য জগতখনটো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। লগতে চৰকাৰী বেচৰকাৰী সাহিত্য প্ৰতিষ্ঠানৰ বঁটাও লাভ কৰিছে৷ শিক্ষিত নিবনুৱা ভাতৃদ্বয়ে এই কৃষি কৰ্মৰ জৰিয়তে অনাগত দিনবোৰত আৰু অধিক আগবাঢ়ি গৈ সুপ্ৰতিষ্ঠা লাভ কৰি অসমৰ নিৱনুৱা যুৱক যুৱতী সকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰাৰ আশা স্থানীয়লোকৰ ৷

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুই ভাতৃ
অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল কাছাৰ কলেজৰ অধ্যক্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in