বেংকৰ পৰা উলিয়াই অনা ৩ লাখ টকা লৈ উধাও চোৰ

বেংকৰ পৰা উলিয়াই অনা ৩ লাখ টকা লৈ উধাও চোৰ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত দিন দুপৰতে চুৰি কাণ্ড। বৃহস্পতিবাৰে এজন ব্যক্তিৰ চাইকেলৰ পৰা চুৰি কৰি নিয়ে নগদ তিনিলাখকৈ টকা ৷

জানিব পৰা মতে জামুগুৰিহাটৰ পাতলৰচুক গাওঁ নিৱাসী বুবুল ভূঞাঁই জামুগুৰি ইউ কো বেংক শাখাৰ পৰা নগদ তিনিলাখ টকা উলিয়াই চাইকেলত বান্ধি ঘৰমুৱা হ'ব খোজোতেই এই ধন চুৰি হয় ৷ টকা উলিয়াই অনা ব্যক্তিজনক চাইকেলৰ কাষতে পাচঁশ টকা পৰি থকা বুলি দেখুৱাই আৰু মানুহজনে সেই টকা বুটলিবলৈ ধৰোতে উক্ত টকা লৈ উধাও হয় চোৰ ৷

আনহাতে বেংকটোত চিচি কেমেৰা আছে যদিও মনিটৰ নথকাত চোৰ চিনাক্ত কৰণত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে টকাৰ গৰাকীয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত বুবুল ভূঞাই জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in