কামৰূপ জিলাত মুখ্যমন্ত্রীৰ বিকাশ যাত্ৰা

কামৰূপ জিলাত মুখ্যমন্ত্রীৰ বিকাশ যাত্ৰা

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাত মুখ্যমন্ত্রীৰ বিকাশ যাত্ৰা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বশিষ্ঠ চাৰিআলিত নৱনিৰ্মিত উৰণ সেতু মুকলি কৰিব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভাৰত মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে খানাপাৰা পৰা জালুকবাৰী উৰণ সেতুখন । ৬লেনযুক্ত পথেৰে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন।

Advertisment

ইয়াৰোপৰি কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধনী কৰিব মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে উৰণসেতু মুকলিৰ পাছতেই মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাসৰ কাৰ্যসূচীৰে কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুচিত উপস্থিত হ'ব। তেওঁ শুৱালকুচি সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র, শুৱালকুচি আদৰণি তোৰণ উদ্বোধন কৰাৰ উপৰিও শুৱালকুচি সামুহিক চিকিৎসাকেন্দ্রক ১০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰিব।

ইয়াৰ পিছত ৫খনকৈ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ শুৱালকুচি মহাবিদ্যালয়ৰ এখন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত থাকিব। উল্লেখযোগ্য যে আজি কামৰূপত ১১টা প্রকল্পৰ উদ্বোধন কৰিব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Also Read: গ্ৰেটাৰ চেলেং পানী যোগান প্ৰকল্প কেলেংকাৰী

kamrup himanta biswa sarma