Advertisment

সংসদীয় সমিতিক সাক্ষাৎ জখলাবন্ধা ফৰলেন দাবী সমিতিৰ...

জখলাবন্ধা  ফৰলেন দাবী সমিতিৰ তিনিজনীয়া এটি প্ৰতিনিধি দলে মঙ্গলবাৰে কহঁৰাত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ তথা সাংসদ ভূৱনেশ্বৰ কলিতাক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে।

author-image
Asomiya Pratidin
New Update
নগাঁও

ডিজিটেল সংবাদ, কলিয়াবৰঃ  জখলাবন্ধা  ফৰলেন দাবী সমিতিৰ তিনিজনীয়া এটি প্ৰতিনিধি দলে মঙ্গলবাৰে কহঁৰাত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ তথা সাংসদ ভূৱনেশ্বৰ কলিতাক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে।

Advertisment

কলিতাই বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবঢ়াই নিয়াৰো আশ্বাস দিয়ে প্ৰতিনিধি দলটোক। উল্লেখ্য যে¸  কলিয়াবৰ তিনিআলিৰ পৰা বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ, নতুন ৭১৫ নং ঘাই পথ, এচিয়ান হাইৱে নাম্বাৰ  ১ বর্তমানৰ পথটোয়েদি জখলাবন্ধাৰ মাজেদি নুমলিগড়লৈ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ মৰ্যদা সহকাৰে উন্নিতকৰণৰ দাবী জনাই প্ৰতিনিধি দলটোৱে এখনি  স্মাৰক পত্র‌ও প্ৰদান কৰে ।

স্মাৰক পত্ৰ খনত প্ৰতিনিধি দলটোৱে উল্লেখ কৰে যে¸ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমূহত যাতায়ত আৰু পৰিবহন ব্যৱস্থা উন্নয়ণৰ বাবে চাৰি, ছয়, আঠ অথবা বাৰ লেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিমার্ণ হোৱাৰ পিচতো নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা কাজিৰঙাৰ কাষেদি নুমলিগড় সংযোগী পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটি চাৰি অথবা ছয় লেন যুক্ত পথলৈ উন্নীতকৰণ কৰিবৰ কাৰণে পথ পৰিবহন মন্ত্রী মাননীয় শ্রীযুত নীতিন গাডকাৰীদেবে ১০ মে ২০২৩ তাৰিখে এই পথছোৱা চাৰিলেন যুক্ত পথলৈ উন্নিত কৰিবৰ কাৰণে জৰীপ কার্য সম্পাদন কৰিবলৈ এক চৰকাৰী নির্দেশ দিছিল।

এই নির্দেশৰ ভিত্তিত জৰীপ কার্য সম্পাদন কৰি স্থানীয় ৰাইজ আৰু জাতীয় সংগঠনৰ মতামত জানিবৰ বাবে যোৱা ২৩ জুন, ২০২৩ তাৰিখে জিলা উপাযুক্ত মহোদয়ৰ জৰিয়তে আয়োজিত ৰাজহুৱা শুনানি সভাত স্থানীয় বিধায়ক শ্রীযুত কেশর মহন্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণৰ শীর্ষ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, জিলা উপাযুক্ত, অতিরিক্ত উপাযুক্ত তথা ভাৰপ্রাপ্ত মহকুমাধিপতি, ৰাজহ চক্র বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বর্তমানৰ পথটি চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ'ব বুলি ৰাজহুৱা সিদ্ধান্ত দিয়াৰ পিছটো কার্যকৰীকৰণ নকৰি গোপনে চক্রান্ত কৰি পথৰ দিশ সলনি কৰিব খোজা কার্য স্থানীয় ৰাইজ আৰু জাতীয় দল-সংগঠন সমূহে মানি ল'ব নোখোজে।

যিহেতু এটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ণ নিৰ্ভৰ কৰে যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত। জখলাবন্ধা অঞ্চলত বহুতো শিক্ষিত খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীয়ে ব্যৱসায়ৰ জড়িয়তে নিজে প্রতিস্থিত হোৱাৰ লগতে বিশেষ কৈ হোটেল ব্যৱসায়ৰ জড়িয়তে বহু লোকক কর্মসংস্থাপন দি সহায় কৰি আহিছে। এই ক্ষেত্রত কৃষক, পশুপালক, মীন পালক, তামোল-পাণৰ ব্যৱসায়ী, শাক-পাচলিৰ ব্যৱসায়ী, ফল-মূলৰ ব্যবসায়ী, মৎস্য ব্যবসায়ী, মাংস ব্যবসায়ী, ক্ষুদ্র পৰিবহণ চালক, গেলা-মালৰ ব্যৱসায়ী, পাণ দোকানী, হোটেল ব্যৱসায়ী, কেইবাটাও ৰাজহুৱা বিত্তীয় প্রতিস্থান বেংক প্রমুখ্যে প্রায় তিনি সহস্রাধিক লোক জখলাবন্ধা অঞ্চলৰ ব্যৱসায়ৰ লগত প্রত্যক্ষ ভাবে জড়িত হৈ আছে বুলিও স্মৰণ পত্ৰ খনত উল্লেখ কৰে।

 

জখলাবন্ধা