৮০ বছৰীয়া জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সফল সামৰণি...

৮০ বছৰীয়া জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আঠ দশকৰ ঐতিহ্যমণ্ডিত শৈক্ষিক পৰিক্ৰমাৰে উজ্জীৱিত নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সমাৰোহৰ সফল সামৰণি পৰে।

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানত দেওবাৰে মুকলি কুইজৰ পাছত বিয়লি অনুষ্ঠিত হয় মুকলি সভা। সমাৰোহ সমিতিৰ সভাপতি বক্তৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্মৃতি গ্ৰন্থ “এনাজৰী” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই।

সভাত বিধায়ক ৰূপক শৰ্মা, সাহিত্যিক ইছমাইল হুছেইন, মোহিনী মোহন ডেকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। নিশা কণ্ঠশিল্পী দিক্ষুৰ সংগীতানুষ্ঠানৰে উপস্থিত হেজাৰ হেজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in