ঢকুৱাখনাত শ্ৰী দিগম্বৰ জৈন ভৱনৰ শিলান্যাস স্থাপন…

ঢকুৱাখনাত শ্ৰী দিগম্বৰ জৈন ভৱনৰ শিলান্যাস স্থাপন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত শ্ৰী দিগম্বৰ জৈন ভৱনৰ শিলান্যাস স্থাপন…

ডিজিটেল সংবাদ, ঢকুৱাখনা :  ঢকুৱাখনা সমাজ জীৱনৰ সতে অংগাংগী ভাবে জড়িত দিগম্বৰ জৈন সমাজৰ উদ্যোগত  মঙলবাৰৰ অক্ষয় তৃতীয়াৰ পবিত্ৰ ক্ষণত শ্ৰী শ্ৰী দিগম্বৰ জৈন ভৱনৰ শিলান্যাস সম্পন্ন কৰা হয়।

Advertisment

ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত জৈন সমাজৰ প্ৰায় ২৬ হাজাৰ বৰ্গ ফুট মাটিকালিত মঙ্গলবাৰে শ্ৰী দিগম্বৰ জৈন ধৰমশালা  ভৱনৰ  শিলান্যাস কৰে শ্ৰী দিগম্বৰ জৈন সমাজ, তিনিচুকীয়াৰ সভাপতি সোলাশ চান্দ জী সেঠিয়ে। এই সন্দৰ্ভত পুৱাৰ পৰাই অনুষ্ঠিত কৰা হয় এক মাংগলিক অনুষ্ঠানৰ । তিনিচুকীয়া জিলাৰ শ্ৰী দিগম্বৰ জৈন সমাজৰ পুৰোহিত অজিত জী শাস্ত্ৰীয়ে পৰিচালনা কৰা মাংগলিক অনুষ্ঠানত দুপৰীয়া প্ৰায় ১২ -০৫ বজাত মুখ্য শিলান্যাস কৰে বৰ্ষীয়ান ধৰ্মপ্ৰাণ ব্যক্তি সোলাশ চান্দ জী সেঠিয়ে ।

ঢকুৱাখনা  শ্ৰী দিগম্বৰ জৈন সমাজৰ সভাপতি ধৰম ছন্দ জৈন , সম্পাদক চবিলাল জৈন , কোষাধ্যক্ষ ৰাজেশ জৈন , প্ৰকাশ জৈন , হীৰা ছন্দ জৈন , মদন জৈন , ৰঞ্জু দেৱী জৈন , কুসুম জৈন , তাৰা জৈন, মেনা জৈনৰ লগতে সমূহ জৈন ধৰ্মাৱলম্বী ৰাইজ আৰু তিনিচুকীয়া ,মৰাণ,লখিমপুৰ চিলাপথাৰ আদি জিলাৰ শতাধিক জৈন ধৰ্মাৱলম্বী ৰাইজ,ঢকুৱাখনা নগৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিলান্যাসৰ ভূমি পূজনৰ মাংগলিক পৰ্বত অংশ গ্ৰহণ কৰে। 

১৭৯৬ চনতে ঢকুৱাখনা নগৰৰ মধ্যস্থলত উত্তৰ পূবৰ ভিতৰত প্ৰথমটো শ্ৰী দিগম্বৰ জৈন মন্দিৰ প্ৰতিষ্ঠা কৰি ঢকুৱাখনাৰ আধ্যাত্মিক ক্ষেত্ৰখন সমুজ্জ্বল কৰি অহা ঢকুৱাখনা দিগম্বৰ জৈন সমাজৰ উদ্যোগত ৰাজহুৱা ব্যৱহাৰৰ বাবে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা তিনি মহল যুক্ত দিগম্বৰ জৈন ভৱন "ধৰমশালা"  ভৱনটোৱে ঢকুৱাখনাবাসীৰ এটা ৰাজহুৱা অভাৱ দূৰ কৰিব বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে।

আৰু পঢ়ক: অসম আৰক্ষীৰ বাইক ৰেলী, ১০মে'ত বিশেষ কাৰ্যসূচী…

assam dhakuakhana