/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ZOO-ROAD-29.jpg)
ডিজিটেল ডেস্কঃ কোনে বাধা দিছে আৰ জি বৰুৱা পথৰ জু-নাৰেঙ্গী তিনিআলিৰ পৰা সুন্দৰপুৰলৈ নিৰ্মীয়মান উৰণীয়া সেতুৰ ক্ষীপ্ৰ নিৰ্মাণকাৰ্যত? ফেব্ৰুৱাৰী মাহৰ শেষত আৰম্ভ হোৱা এই উৰণীয়া সেতুৰ দৈৰ্ঘ্য প্ৰথমে ৫৮০ মিটাৰ আৰু দুই লেনযুক্ত আছিল যদিও পৰৱৰ্তী সময়ত ইয়াক তিনি লেনযুক্ত আৰু ১৯৫০ মিটাৰলৈ আৰু জু-নাৰেঙ্গী তিনিআলিৰ পৰা মাদাৰ টেৰেছা পথেৰে উলাই যাবলগীয়া আন অংশটো দুই লেনযুক্ত ৩২০ মিটাৰ দৈৰ্ঘ্যলৈ বৃদ্ধি কৰা হয়।
অতি ব্যস্ততাপূৰ্ণ জু-নাৰেঙ্গী তিনিআলি আৰু আৰ জি বৰুৱা পথত বৃহৎ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য অতি ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুজনীয়া ঠিকাদাৰ প্ৰতিষ্ঠানে দিনে-নিশাই কাম কৰি যিমান পাৰি সোনকালে শেষ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ২৪ ঘণ্টা নিৰবচ্ছিন্ন ভাৱে নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ছিফ্ট, ৬ বজাৰ পৰা পুৱতি নিশা ২ বজালৈ দ্বিতীয়টো ছিফ্ট আৰু ২ বজাৰ পৰা পুৱা ৬ বজালৈ তৃতীয়টো ছিফ্টত ভগাই নিৰ্মাণকাৰ্য ক্ষীপ্ৰতৰ কৰাৰ বাবে শ্ৰমিকৰ সমান্তৰাল ভাৱে বহু সংখ্যক অত্যাধুনিক হাইড্ৰলিক যন্ত্ৰৰ ব্যৱহাৰ কৰা হৈছে।
কিয়নো এই ফ্লাই অভাৰ হ'ব দিছপুৰ চুপাৰ মাৰ্কেটত নিৰ্মিত উৰণীয়া সেতুতকৈ অত্যাধুনিক প্ৰযুক্তিৰ আৰু উচ্চ বহন ক্ষমতা সম্পন্ন। যাৰ বাবে জু-নাৰেঙ্গী তিনিআলিতে ১৮ টাকৈ খুঁটা নিৰ্মাণ কৰিব লাগিব। বৰ্তমানলৈকে কমাৰ্চৰ সমীপৱৰ্তী উষা কৰ্টৰ সন্মুখৰ পৰা সুন্দৰপুৰলৈ মুঠ ৪৯ টা আৰু মাদাৰ টেৰেছা ৰোডৰ ৭ টা খুঁটাকে ধৰি ৫৬ টা খুঁটাৰ ভিতৰত ১৬ টা খুঁটাৰ নিৰ্মাণ এতিয়াও বাকী আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/f61c60ca-f4c4-4860-8f54-2ae929731d2b.jpg)
অৱশ্যে তিনিআলিৰ ঝংছনত ১৮ টা খুঁটাৰ প্ৰাথমিক কামো আৰম্ভ হোৱা নাই যদিও বাকী সমুদায় খুঁটাৰ ভূগৰ্ভস্থ ধালাইৰ উপৰিও উপৰিভাগটো ৪০ টা খুঁটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাই নহয়, ৮ টা খুঁটাৰ উপৰিভাগৰ 'T' নিৰ্মাণ কৰাৰ উপৰিও সুকীয়া স্থানত উৰণীয়া সেতুখনৰ বাবে প্ৰয়োজন হ'বলগীয়া ৫৬ টা স্পানৰ ২৬ টা স্পানৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।
উল্লেখ কৰাৰ প্ৰয়োজন যে, এই স্পানসমূহ ষ্টীল গাৰ্ডাৰৰ হ'ব। সেয়ে 'T' সমূহৰ সৈতে খুঁটা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত সংযোগ কৰাৰ পিছত হে, উৰণীয়া সেঁতুৰ উপৰিভাগৰ ধালাই তথা কাৰ্পেটিং আৰু গাৰ্ডৱালৰ কাম আৰম্ভ কৰা হ'ব। মহানগৰীবাসীৰ আশংকা আছিল যে এই উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যই মালিগাওঁ, ভূটনাথ, কামাখ্যা গেট অঞ্চলত নিৰ্মীয়মান ফ্লাই অভাৰে বিগত ৩ টা বছৰত সৃষ্টি কৰা যানজটৰ বাবে খোৱা জ্বলা-কলাৰ বাবেই আৰ জি বৰুৱা ৰোডৰ উৰণীয়া সেতুপ নিৰ্মাণে বৰুকৈয়ে জ্বলা-কলা খুৱাব।
অৱশ্যে জু-ৰোডৰ সৈতে ৰাজগড় সংযোগী বিভিন্ন উপ-পথ থকাৰ বাবে আৰু নিৰ্মাণ প্ৰতিষ্ঠানটোৱে অতি বিচক্ষণতা আৰু আধুনিক প্ৰযুক্তি তথা ক্ষীপ্ৰ গতিৰে এই নিৰ্মাণ কাৰ্য আগুৱাই নিয়াৰ বাবে আন্তৰিকতাৰে চলোৱা প্ৰচেষ্টাৰ ফলতে ফেব্ৰুৱাৰী মাহত নিৰ্মাণ আৰম্ভ হোৱা উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্যৰ ২৫ শতাংশতকৈও অধিক কাম ৬ মাহ নহওতেই সম্পূৰ্ণ হৈছে। কিন্তু এই নিৰ্মাণকাৰ্য আৰু ক্ষীপ্ৰ গতিৰে আগুৱাব পৰা গ'ল হেতেন, যদিহে এ পি ডি চি এলৰ কেৱলিং আৰু জাইকা নামৰ পানী যোগান আঁচনিখনৰ বহুজাতিক নিৰ্মাণ প্ৰতিষ্ঠানটোৱে য'তে-ত'তে, জধে-মধে এই পথটোত গাত খান্দি অতি ধীৰ গতিৰে তেওঁলোকৰ কাম আগবঢ়াবলৈ লৈ বাধাৰ সৃষ্টি নকৰিলে হেতেন।
প্ৰথম অৱস্থাত ভৰলুৰ দলঙৰ দুই পাৰে বৃহৎ দুটা গাত খান্দি বহু দিন পেলাই থোৱাৰ ফলত ফ্লাই অভাৰখনৰ কামত বাধাৰ সৃষ্টি হোৱাৰ লগতে সেই অংশটো তীব্ৰ যানজটৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত জু-ৰোড নামঘৰ আৰু জোনালীত আন দুটা গাত খান্দি জাইকাই বহু দিন পেলাই থয়।
ইফালে অতি শেহতীয়া ভাৱে জু-নাৰেঙ্গী তিনিআলিৰ ঝংছনত যোৱা ১০ দিনৰ পূৰ্বে দুটা বৃহৎ গাত খান্দি কেইটামান খুঁটি আৰু ৰিবনেৰে জাইকাৰ প্লেট দুখন লগাই থোৱাৰ বাহিৰে প্ৰতিষ্ঠানটোৱে ক্ষীপ্ৰ গতিৰে ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ কোনো প্ৰচেষ্টা লোৱা নাই। ফলত এই ঝংছনত নিৰ্মাণ কৰিবলগীয়া ১৮ টাকৈ খুঁটাৰ কাম আৰম্ভই কৰিব পৰা নাই উৰণীয়া সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে।
তদুপৰি এই অংশটোৰ লগতে লাগি আছে বৃন্দাবন গাৰ্ডেনৰ কাষেৰে যোৱা অনিৰুদ্ধ নগৰ সংযোগী উপ-পথৰ লগতে পাৰ্নিল বিবাহ ভৱন, অম্বিকা পেট্ৰ'ল ডিপোকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। যাৰ বাবে সন্ধিয়াৰ পৰত এই এলেকাত সৃষ্টি হয় বৃহৎ যানজট।
স্বয়ং জিলা উপায়ুক্তৰ তত্বাৱধানত এই নিৰ্মাণ কাৰ্য চলিব লাগে যদিও প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কাম-কাজে উৰণীয়া সেতু নিৰ্মাণকাৰ্যত কিদৰে বাধাৰ সৃষ্টি কৰিছে আৰু ট্ৰেফিক জামৰ সৃষ্টিৰে সাধাৰণ ৰাইজক কিদৰে জ্বলা-কলা খোৱাইছে তালৈ মুঠেই গুৰুত্ব দিয়া নাই। তিনিআলিটোত এনে পৰিস্থিতিৰ বাবেই যানজটৰ হেঁচা কমাবলৈ মাদাৰ টেৰেছা পথত নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুৰ পাইলিঙৰ কামো বন্ধ কৰি ৰাখিবলগীয়াত পৰিছে ঠিকাদাৰ সংস্থা।
জানিব পৰা মতে, পূজাৰ পূৰ্বে সকলোবোৰ খুঁটাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি দুয়ো কাষে লগোৱা টিঙৰ বেৰা বোৰ আঁতৰাই পেলাই পূজাৰ সময়ত ৰাইজক যানজটৰ পৰা সকাহ দিয়াৰ পৰিকল্পনা গড়কাপ্তানি বিভাগে কৰিছিল যদিও সেয়া কিমানদূৰ সম্ভৱপৰ হৈ উঠিব সেই কথাও এতিয়া সংকাৰ বিষয় হৈ পৰিছে। আনহাতে উষা কৰ্টৰ সন্মুখৰ অংশটোত খুঁটা নিৰ্মাণৰ কোনো কাম নাই যদিও নিৰ্মাণ প্ৰতিষ্ঠানটোৱে আৰম্ভণিতেই ইয়াত বেৰা নিৰ্মাণ কৰি থোৱা আৰু যানবাহন সমূহ নিয়ন্ত্ৰণৰ বাবে সেই স্থানত কোনো আৰক্ষী নথকাৰ ব্যৱস্থাটোৱে দুপৰীয়া আৰু সন্ধিয়াৰ পৰত এই অংশত তীব্ৰ যানজটৰ সৃষ্টি কৰাৰ দৰেই সুন্দৰপুৰৰ এণ্ট্ৰি পইণ্টটো একে অৱস্থাৰ সৃষ্টি হয়।
যান বাহন আৰক্ষীৰ লোক এই অংশ দুটাত নিয়োগ কৰিলে কাম কৰাত যিদৰে সহায় হ'ব সেইদৰেই যানজটৰ সমস্যাও দূৰ হ'ব। ইফালে এ পি ডি চি এলে সময়ে সময়ে কাৰ্পেটিং কৰা উৰণীয়া সেতুৰ চাৰ্ভিছ ৰোডৰ কাষেৰে কেৱলিঙৰ বাবে গাত খন্দা ঘটনায়ো নিৰ্মাণকাৰ্যত সময়ে সময়ে বাধাৰ সৃষ্টি কৰি আহিছে।
ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ মতে এনেবোৰ সমস্যাই ক্ষীপ্ৰ নিৰ্মাণত সৃষ্টি কৰা বাধা দূৰ হ'লে দিনে-নিশাই কাম কৰাৰ ক্ষেত্ৰত তেওঁলোক অধিক সফল হ'ব আৰু ২২ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি পূৰ্ব পৰিকল্পনা মতেই এই অত্যাধুনিক উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলাই দিব পৰা যাব। তদুপৰি এয়া হৈ উঠিলে জু-ৰোডৰ দীৰ্ঘদিনীয়া যানজট আৰু কৃত্ৰিম বানৰ সমস্যাও দীৰ্ঘদিনৰ বাবে দূৰ হ'ব। সেয়েহে ৰাইজেও বিচাৰে বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি উৰণীয়া সেতুখনৰ নিৰ্মাণ উচ্চ মানৰ আৰু ক্ষীপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিভাগৰ সহযোগিতাইহে এয়া সম্ভৱপৰ কৰি তুলিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us