জাগীৰোডস্থিত টাটাৰ অৰ্ধপৰিবাহী ইউনিট স্থানত ষষ্ঠদশ বিত্ত আয়োগৰ পৰিদৰ্শন...

জাগীৰোডস্থিত টাটাৰ অৰ্ধপৰিবাহী ইউনিট স্থানত ষষ্ঠদশ বিত্ত আয়োগৰ পৰিদৰ্শন...

author-image
Asomiya Pratidin
New Update
জাগীৰোডস্থিত টাটাৰ অৰ্ধপৰিবাহী ইউনিট স্থানত  ষষ্ঠদশ বিত্ত আয়োগৰ পৰিদৰ্শন...

ডিজিটেল সংবাদ জাগীৰোডঃ জিলাখনৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত ষষ্ঠদশ বিত্ত আয়োগে আজি জাগীৰোডত থকা টাটাৰ অৰ্ধপৰিবাহী ইউনিটৰ স্থান পৰিদৰ্শন কৰে।

Advertisment

ড' পানগৰিয়া আৰু আয়োগৰ লগত অহা আন সদস্যসকলক উষ্ম আদৰণি জনায় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলে।এই ভ্ৰমণৰ লক্ষ্য আছিল অঞ্চলটোৰ অৰ্ধপৰিবাহী উদ্যোগৰ সম্ভাৱনাৰ মূল্যায়ন আৰু ইয়াৰ বৃদ্ধিৰ সুবিধাৰ উপায় বিচাৰি উলিওৱা।

প্ৰখ্যাত অৰ্থনীতিবিদ তথা নিটি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ ড° পানাগাৰিয়াই অৰ্থনৈতিক অগ্ৰগতি লাভ কৰিবলৈ প্ৰযুক্তিৰ সহায় লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।তদুপৰি ড° পানাগাৰিয়া আৰু তেওঁৰ দলটোৱে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে জড়িত হৈ আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ কৌশলৰ বিষয়ে আলোচনা কৰে।

এই ভ্ৰমণত অৰ্ধপৰিবাহী উদ্যোগে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু চাকৰি সৃষ্টিত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে।আয়োগৰ পৰামৰ্শই দেশৰ বিত্তীয় ফেডাৰেল সম্পৰ্ক আৰু অৰ্থনৈতিক বিকাশত যথেষ্ট প্ৰভাৱ পেলাব বুলি সকলো আশাবাদী।

জাগীৰোড