পদোন্নতিৰ বাবেই বনকৰ্মীয়ে হত্যা কৰিলে বৰসিঙক ! কোলাত ৮ মহীয়া কেচুৱা লৈ বৰসিঙৰ পত্নীৰ প্ৰতিবাদ…

পদোন্নতিৰ বাবেই বনকৰ্মীয়ে হত্যা কৰিলে বৰসিঙক ! কোলাত ৮ মহীয়া কেচুৱা লৈ বৰসিঙৰ পত্নীৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
পদোন্নতিৰ বাবেই বনকৰ্মীয়ে হত্যা কৰিলে বৰসিঙক ! কোলাত ৮ মহীয়া কেচুৱা লৈ বৰসিঙৰ পত্নীৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ জাগীৰোডঃ কোলাত ৮ মহীয়া কেচুৱা আৰু কাষত ৬ বছৰীয়া কন্যাক লৈ উচুপি উচুপি ধৰ্না কাৰ্যসূচীত অংশ ল'লে বৰসিং তিছোৰ পত্নীয়ে। বন বিভাগৰ একাংশ ঘোচষোৰ বন বিষয়াৰ বাবে মৃত্যুক সাৱটি লবলগীয়া হৈছিল বৰসিং তিছোৱে। এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে মৰিগাঁৱত ৰূপায়ণ কৰা হৈছে এক গণ ধৰ্না কাৰ্যসূচী। এই কাৰ্যসূচীত সকলো তিৱা সংগঠৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু কুঠৰী গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিছে।

Advertisment

প্ৰতিবাদকাৰীসকলৰ স্পষ্ট অভিযোগ ভূমি পুত্ৰক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। বন বিভাগক বন ধ্বংসকাৰী আখ্যাদি এই প্ৰতিবাদকাৰী সংগঠনৰ লগতে ৰাইজাে বন বিভাগে বন ৰক্ষা কৰিব নোৱাৰি ট্ৰাইবেল মানুহক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই প্ৰতিবাদস্থলীতে বৰসিংৰ পত্নীৰ অভিযোগ কৰে যে, তেওঁলোকৰ নিৰ্মিয়মান ঘৰটোৰ বাবে কাঠৰ প্ৰয়োজন হৈছিল। সেই প্ৰয়োজনীয় কাঠ কাটিবৰ বাবে একেলগে মদ্যপান কৰি টকা লৈ অনুমতি দিছিল বন বিভাগৰ লোকে। কিন্তু কাঠ কাটি থকাৰ সময়তে বন বিভাগৰ তিনি বনকৰ্মী নিলভ হাজৰিকা, নিপুল ডেকা আৰু লহকৰে গুলীয়াইছিল বৰসিঙক।

বৰসিং তিছোয়ে মোক নামাৰিব বুলি বাৰে বাৰে কাকুতি-মিনতি কৰিছিল যদিও বুকু ভেদী যোৱাকৈ গোটেই দেহত প্ৰায় ৮ তা গুলী মাৰিছিল বন কৰ্মী কেইজনে। সেয়েহে এই গোটেই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিলে বৰসিঙৰ পত্নীয়ে।

আনহাতে দল, সংগঠনসমূহৰ অভিযোগ বন ৰক্ষক সকলেই বন ধ্বংসকাৰী। কমিচন লৈ লৈ মৰিগাঁও জিলাৰ জাগীৰোড অঞ্চলত শিল, বালি, কাঠ কাটি তহিলং কৰিছে। পাহাৰ, পৰ্বত, জংঘল ভূমিপুত্ৰৰ। কিন্তু এইবোৰ আমি ধ্বংস কৰা নাই। টকাৰ বিনিময়ত বন বিভাগে সম্পূৰ্ণ ধ্বংস কৰি পেলাইছে। ইয়াৰ বিৰুদ্ধে বন বিভাগত অভিযোগ দাখিল কৰিছোঁ যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে ট্ৰাইবেল সকলকহে হত্যা কৰিবলৈ আৰম্ভ কৰিছে।

এই গণ আন্দোলনত সংগঠন সমূহে দাবী কৰে যে নৃশংস হত্যাকাণ্ডৰ সংঘটিত কৰা বন বিষয়া কেইজনক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰিব লাগে। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে। মৃত পৰিয়ালক ৫০ লাখ আৰু আহটক ২০ লাখ ক্ষতিপূৰণ দিব লাগে। এই দাবী সমূহ যদি পূৰণ নকৰে তেন্তে সমগ্ৰ অসম জুৰি প্ৰতিবাদ হব।প্ৰতিবাদকাৰীৰ স্পষ্ট অভিযোগ যে পদোন্নতিৰ বাবেই হত্যা কৰা হল বৰসিং তিছোক। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ।

assam forest department of assam pijush hazarika jagiroad himanta biswa sarma