জাগীৰোডত ১২ টাকৈ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী পীযুষ হাজৰিকাৰ…

জাগীৰোডত ১২ টাকৈ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী পীযুষ হাজৰিকাৰ…

author-image
asomiyapratidin
New Update
জাগীৰোডত ১২ টাকৈ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী পীযুষ হাজৰিকাৰ…

ডিজিটেল ডেস্ক : জাগীৰোড সমষ্টিৰ বিভিন্ন প্ৰান্তত ১২ টাকৈ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বুনিয়াদী শিক্ষা আৰু বিকাশৰ ধাৰা শক্তিশালী কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে সপোনৰ অংগনবাড়ী কেন্দ্ৰক বাস্তৱায়িত কৰিবলৈ পদক্ষেপ লৈছিল।

পীযুষ হাজৰিকাই কয় যে 'মই শিক্ষা গ্ৰহণ কৰা ৫৬৪ নং মৰাকলং প্ৰাথমিক বিদ্যালয়ৰ অংগনবাড়ী কেন্দ্ৰটোৰ লগতে ১১ টা অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিবলৈ পাই নিজকে ধন্য মানিছো। এই কেন্দ্ৰ সমূহে শিশুৰ বাবে শিক্ষা, পুষ্টি আৰু খেলাৰ সা-সুবিধাৰ উপৰিও শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰাই থকা মহিলাসকলৰ সামগ্ৰিক বিকাশ আৰু পৰ্যাপ্ত পুষ্টি যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।'

শুভাৰম্ভণিৰ সময়ত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যৱাহী সদস্য প্ৰণৱ জ্যোতি মৰচং, ৰাজহ চক্ৰ বিষয়া, জিলা সমাজ কল্যান বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক : মহানগৰীৰ লাচিত সংঘৰ উদ্যোগত কভিডৰ বিনামূলীয়া বুষ্টাৰ ড'জ প্ৰদান…

assam jagiroad pijyus hazarika