হাত যোৰ কৰিছো, মুখ্যমন্ত্ৰীক নজনাব বান সাহায্য পোৱা নাই বুলি: বন্যাৰ্তক আহ্বান একাংশৰ

হাত যোৰ কৰিছো, মুখ্যমন্ত্ৰীক নজনাব বান সাহায্য পোৱা নাই বুলি: বন্যাৰ্তক আহ্বান একাংশৰ

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ কুমাৰবড়িৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শিবিৰ পাতি থকা বন্যাৰ্ত ৰাইজক দেখা কৰাৰ  আগমুহুৰ্তত একাংশ বিজেপি নেতা পালিনেতাৰ কাণ্ড কেমেৰাত আৱদ্ধ।।

একাংশই কয় যে মুখ্যমন্ত্ৰী আগত বান সাহায্য নোপোৱা অভিযোগ নিদিয়াৰ বিষয়ে একো নকব। আপোনলোকৰ বাবে তিৰপাল আনি থৈছো দিয়া নাই ।এই প্ৰগ্ৰেমতোৰ বাবে দিয়া নাই ।গতিকে হাত যোৰ কৰিছো মুখ্যমন্ত্ৰী একো নকব।

এইবোৰ কথা মুখ্যমন্ত্ৰীক ক'লে মন্ত্রীযে গালি খাব।বেলেগে গালি নাখায় মন্ত্ৰীয়ে গালি শুনিব। এইদৰে নেতা পালিনেতাই সাহায্য নোপোৱা বা বঞ্চিত হোৱা লোকক মুখ্যমন্ত্ৰীৰ ৰোষত পৰা ভয়ত কাকুটি মিনতি কৰা দেখা গৈছে।

আৰু পঢ়ক: 'অগ্নিপথ' নহয় স্থায়ী নিযুক্তি দিয়ক : ঢকুৱাখনাত চি পি আই (এম)ৰ প্ৰতিবাদ…

assam flood himanta biswa sarma