/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-08-at-7.01.25-PM.jpeg)
ডিজিটেল সংবাদ, বজালী: ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বাবে পাঠশালাৰ মেধীকুছিত প্ৰায় ১০৫ বিঘা মাটিত স্থাপন কৰিবলৈ লোৱা অতিৰিক্ত চৌহদত উন্নতমানৰ শ্ৰেণীকোঠা, প্ৰেক্ষাগৃহ, শিক্ষক-ছাত্ৰৰ আৱাস, প্ৰশাসনিক ভৱন আদি সকলো আন্তৰ্গাঠনিগত সা-সুবিধা উপলব্ধ হ'ব। বৃহস্পতিবাৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ অহা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই কথা প্ৰকাশ কৰি কয় যে, ইয়াৰ কাম অহা দুবছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব ।
পূৰ্বৰ বজালী মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়ৰ ৰূপ দিবলৈ যাওতে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱ, শিক্ষক-কৰ্মচাৰীৰ অভাৱ আদি বিভিন্ন সমস্যা স্বাভাবিকতেই থাকিব। এই সমস্যাবোৰ সমাধানৰ বাবে কিছু দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী আঁচনি হাতত লোৱা হৈছে।
কিন্তু বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ প্ৰক্ৰিয়া দুই-তিনি বছৰত অন্ত পৰিব বুলি আশা কৰিলে নহ'ব বুলি মন্তব্য কৰি প্ৰাক্তন অধ্যাপক গৰাকীয়ে কয় যে, ইয়াৰ বিকাশৰ প্ৰক্ৰিয়া অবিৰত ভাবে চলি থাকিব। বিশ্ববিদ্যালয়খনৰ খালী পদ সমূহ পূৰণ কৰাৰ বাবে অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ আচাৰ্য গৰাকীয়ে আজি প্ৰথম বাৰলৈ নৱগঠিত বিশ্ববিদ্যালয়খন পৰিদৰ্শন বাবে পুৱাৰ ভাগতে ইয়াত আহি উপস্থিত হোৱাৰ পিছতে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিৰিঞ্চি কুমাৰ দাসৰ উপৰিও পৰীক্ষা নিয়ন্ত্ৰক, পঞ্জীয়ক, বিত্তীয় হিচাপ পৰীক্ষক আদিৰ সৈতে পোনতে আলোচনাত মিলিত হৈ সকলো সমস্যাৰ বুজ লয়।
ইয়াৰ পিছতে তেওঁ বিশ্ববিদ্যালয়ৰ আলোচনা কক্ষত ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰী, অশৈক্ষিক কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সাধৰণ সম্পাদক দেৱৰ্ষি মেধী,সভাপতি ধ্ৰুপদ মেধী,উপ সভাপতি দেবাশীষ তালুকদাৰ,আলোচনী সম্পাদিকা জ্যোতিস্মিতা পাটগিৰী,চাফাই সম্পাদক পিংকু গাংগুলী,ছাত্ৰ জিৰণি কোঠাৰ মৃদুল ব্ৰক্ষ্ম,খেল সম্পাদক নীতিশ কলিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিৰ সৈতে সুকীয়া সুকীয়া কৈ বৈঠকত মিলিত হয়।
তাৰ পিছতে তেওঁ বিশ্ববিদ্যালয় চৌহদটোও পৰিদৰ্শন কৰে। বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী আৰু আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসেও ৰাজ্যপাল গৰাকীক বিশ্ববিদ্যালয় চৌহদত আদৰণি জনায়।আবেলি চাৰি বজাত ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয় চৌহদৰ পৰা ৰাজভৱন অভিমুখে প্ৰস্থান কৰে।