/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/teacher.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : জগদীশ চন্দ্ৰ শৰ্মা গহপুৰৰ কাব্য-সাহিত্য আৰু শৈক্ষিক জগতৰ এটা অতি জনপ্ৰিয় নাম। এটা সমৰ্পিত মন লৈ জীৱনৰ সুদীৰ্ঘ সময় নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়াই অহা জ্ঞান মন্দিৰৰ পূজাৰী স্বৰূপ জগদীশ চন্দ্ৰ শৰ্মালৈ অসম চৰকাৰে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আগবঢ়োৱাৰ আশাপ্ৰদ খবৰে উৎফুল্লিত কৰি তুলিছে গহপুৰৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজক। গহপুৰ নগৰস্থিত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰি অহা জগদীশ চন্দ্ৰ শৰ্মা এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে সু-পৰিচিত। অনুধালুপ্ত "মহাজাতি" কাকতৰ এটা বিজ্ঞাপনে জীৱন চকৰী সলনি কৰি পেলোৱা জগদীশ চন্দ্ৰ শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বাঁহজানি মৌজাৰ বাঁহজানি গাঁৱত। সংস্কৃত পণ্ডিত প্ৰয়াত ৰঘুনাথ শৰ্মা আৰু দ্ৰুপদী দেৱীৰ সুযোগ্য পুত্ৰ জগদীশ চন্দ্ৰ শৰ্মাই নলবাৰী মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰাৰ পিছত চাকৰি বিচাৰি বালিপাৰাৰ বামগাঁও চাহ বাগিচাত কৰ্মৰত ককায়েকৰ ওচৰ পাইহি। সেয়া আছিল ১৯৮৫-৮৬ চনৰ কথা। ককায়েকৰ লগতে কেইদিনমান থকাৰ পিছত ভাবিছিল ককায়েকে কাম কৰা চাহ বাগিচাখনতে কিবা এটা কৰিব। এনেদৰে কেইদিনমান থকাৰ পিছত মহাজাতি কাকতত প্ৰকাশ পোৱা এটা বিজ্ঞাপন পঢ়ে জগদীশ চন্দ্ৰ শৰ্মাই। গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এটা সহকাৰী শিক্ষকৰ পদ খালি হৈ থকা বুলি পঢ়িবলৈ পায় প্ৰকাশিত বিজ্ঞাপনটোত। প্ৰকাশিত বিজ্ঞাপনটোৰ আঁত ধৰি গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ উক্ত খালি পদটোৰ বাবে আবেদন কৰে। বিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁৰ আবেদন মঞ্জুৰ কৰাৰ পিছত ১৯৮৭ চনৰ ১ অক্টোবৰত তেওঁ গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি শিক্ষকতা জীৱনৰ আৰম্ভণি কৰে।
এনেদৰে তেওঁ সহকাৰী শিক্ষকৰ দায়িত্ব সততাৰে পালন কৰি অহাৰ পিছত ২০১৯ চনৰ ১ অক্টোবৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গুৰু দায়িত্ব বহন কৰি বিদ্যালয়খনৰ শৈক্ষিক মান অধিক উন্নত কৰাৰ ওপৰত ব্ৰতী হয়। নিষ্ঠা, সততা আৰু নিয়মানুবৰ্তিতাৰে জীৱন পৰিক্ৰমাৰ ৩৫ টা বছৰ ছাত্র-ছাত্ৰীক জ্ঞানৰ আলোকেৰে আলোকিত কৰি অহাৰ দৰে মহৎ কৰ্মত নিয়োজিত হৈ অহা জগদীশ চন্দ্ৰ শৰ্মা অসম চৰকাৰে আগবঢ়োৱা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল বৰ্গ,গহপুৰ জিলা সাংবাদিক সন্থা, গহপুৰ সাহিত্য সভা, গহপুৰ কবি কানন, জ্ঞানপীঠ পুথিভঁৰাল, ছাঁ সাহিত্য গোষ্ঠী, ৰাম গগৈ সাহিত্য সমাজ, বিশ্বনাথ জিলা গ্ৰাম্য পুথিভঁৰাল, সদৌ অসম কবি সন্মিলন, অসম হাইস্কুল শিক্ষক সন্থাৰ গহপুৰ জিলা সমিতি, গহপুৰ মহকুমা ছাত্র সন্থা, বিশ্বনাথ জিলা চাহ জনজাতি ছাত্র সন্থা, বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থা, সুৰভি সাহিত্য সমাজ, গহপুৰ ব্যৱসায়ী সন্থা, পঞ্চৰত্ন কবি চক্ৰ,বিশ্বনাথ জিলা সাহিত্য সভা,গহপুৰ মহকুমা শিক্ষক ঐক্য মঞ্চ আদি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে। ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে তেওঁ প্ৰকৃতাৰ্থত যোগ্য বুলি সকলোৱে মন্তব্য কৰিছে।
উল্লেখযোগ্য যে,আজৰি সময়ত কাব্য-সাহিত্যৰ চৰ্চা কৰি নিজকে ব্যস্ত ৰখা গহপুৰ নগৰৰ ৰূপনগৰ নিবাসী জগদীশ চন্দ্ৰ শৰ্মাই ২০০০ চনত "অবিৰত যাত্ৰাৰ যাত্ৰী ৰাম শৰ্মা" নামৰ এখন জীৱনী পুথি প্ৰকাশ কৰাৰ লগতে ২০০৩ চনত "কি নাম দি মাতিম" নামৰ এখন কিতাপ প্ৰকাশ কৰি উলিয়াইছিল।ইয়াৰোপৰিও তেওঁৰ তিনিখন সম্পাদিত পুথিও আছে। এই তিনিখন হৈছে "কাব্যশ্ৰুতৰ গুমগুমনী"(কবিতা সংকলন),"বিবিধা"(প্ৰবন্ধ সংকলন),আৰু "পথাৰখনৰ বঙিয়াইদি"(গল্প সংকলন)। তদুপৰি গহপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ১৮ খনতকৈ অধিক স্মৃতিগ্ৰন্থৰ সম্পাদনা কৰাৰ অভিজ্ঞতা আছে জগদীশ চন্দ্ৰ শৰ্মাৰ ।