অসমৰ ৫২গৰাকী শিল্পী,সাহিত্যিক-সাংবাদিকলৈ কেন্দ্ৰীয় জলপানি

অসমৰ ৫২গৰাকী শিল্পী,সাহিত্যিক-সাংবাদিকলৈ কেন্দ্ৰীয় জলপানি

author-image
Asomiya Pratidin
New Update
অসমৰ ৫২গৰাকী শিল্পী,সাহিত্যিক-সাংবাদিকলৈ কেন্দ্ৰীয় জলপানি

ডিজিটেল ডেস্ক : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনৰ চেণ্টাৰ ফৰ কালচাৰেল ৰিচাৰ্ছেছ এণ্ড ট্ৰেইনিঙে বিগত দুটা বৰ্ষৰ বাবে জ্যেষ্ঠ আৰু কনিষ্ঠ শিতানত জলপানি ঘোষণা কৰিছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোক সংস্কৃতি,কলা-সাহিত্য, লোকবাদ্য,লোকাচাৰ,জনজাতীয় খাদ্য তথা সংগীত,নাটক আদিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে এই জলপাণি প্ৰদান কৰা হয়।

Advertisment

২০২০-২১ আৰু ২০২১-২২ এই দুই বৰ্ষৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শিতানত দেশৰ ৩৯৯ সমাজ,সাহিত্য-সংস্কৃতি আৰু সাংবাদিকতাৰ লগত জড়িত ব্যক্তিক এই জলপানি প্ৰদান কৰা হৈছে। প্ৰকাশিত সূচী অনুসৰি বিভিন্ন ক্ষেত্ৰত অসমৰ ৫২ গৰাকী ব্যক্তিয়ে সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ জলপানি লাভ কৰে।

২০২০-২১ বৰ্ষৰ জ্যেষ্ঠ শাখাত ১২গৰাকী আৰু ৯ গৰাকীয়ে কনিষ্ঠ শাখাত জলপানি লাভ কৰিছে। একেদৰে ২০২১-২২ বৰ্ষৰ জ্যেষ্ঠ শাখাত ১৫ গৰাকী আৰু কনিষ্ঠ শাখাত ১৬ গৰাকীয়ে জলপানি লাভ কৰিবলৈ সক্ষম হৈছে। জলপানি লাভ কৰা লোকসকলৰ নাম তলত উল্লেখ কৰে হ'ল।

২০২০-২১ বৰ্ষৰ জ্যেষ্ঠ শাখাত - লাচিত বৰ্মন,ৰবিজিতা গগৈ,সীতাৰাণী হাজৰিকা,চেতনা বৰগোঁহাই বৰা,সোমনাথ বৰা ওজা,পৰিস্মিতা শৰ্মা,মণিমালা বৰুৱা,প্লাৱিতা বৰঠাকুৰ,মহানন্দ শৰ্মা,অতুল মজুমদাৰ,পল্লৱী শৰ্মা আৰু মনোজ শইকীয়া।

কনিষ্ঠ শাখাত- জুৰি দাস,মনশ্ৰী পাঠক,স্বাগতা শৰ্মা, হিৰেণ শৰ্মা, নিলাক্ষী মৰাণ,নব কুমাৰ ভৰালী,সোণিকা হাজৰিকা,সূৰুষ কুমাৰ কলিতা,মৌচুমী বৰপাত্ৰ গোহাঁই আৰু ৰিপম ভৰদ্বাজ।

২০২১-২২ বৰ্ষৰ জ্যেষ্ঠ শাখাত - কৰৱী শইকীয়া, জ্যোতিকা কলিতা,বিজিতা গোস্বামী,প্ৰদ্যুত প্ৰকাশ বৰুৱা,অনিতা শৰ্মা,জীনা ৰাজকুমাৰী, ৰঞ্জিত কুমাৰ গগৈ,দেৱকান্ত হাজৰিকা,সঞ্জীৱ তামুলী,গোবিন্দ খাউণ্ড,সমীৰণ গোস্বামী,আলেখ্য চক্ৰৱৰ্তী,ড্ৰীমলি গগৈ,সপোনটি বৰদলৈ আৰু প্ৰাঞ্জল শইকীয়া।

কনিষ্ঠ শাখাত-জয়শ্ৰী চৌধুৰী, ড০ যাদৱ বৰা,মীনাক্ষী গগৈ,শ্ৰুতিমালা মেধি,মীনাক্ষী মেধি,গৌতম শইকীয়া,জুলনকৃষ্ণ মহন্ত, কৃষ্ণ পঙ্কজ দত্ত,ইৰফান লস্কৰ,দিব্যজ্যোতি গোস্বামী,ভাস্বতী কলিতা,অনামিকা ৰাজবংশী,প্ৰণামিতা বৰগোহাঞি,ৰূপান্ত বৰপাত্ৰ গোহাই,গাৰ্গী দত্ত আৰু পল্লৱ মেধি।

উল্লেখ্য যে, বিভাগীয় সমিতিয়ে দুয়োটা বৰ্ষৰ জ্যেষ্ঠ শাখাৰ সূচী ২০২২ বৰ্ষৰ ১৪-২৭ নৱেম্বৰৰ ভিতৰত প্ৰস্তুত কাৰ্য সম্পাদন কৰিছিল। আনহাতে কনিষ্ঠ শাখাৰ ২০২৩ বৰ্ষৰ ১০-৩১ জানুৱাৰীৰ ভিতৰত প্ৰস্তুত কাৰ্য সম্পন্ন কৰিছিল।

Also Read: টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰত যোগ দিৱস পালন

centre for cultural resources and training