অসমলৈ আহিব জে পি নাড্ডা, উদ্বোধন কৰিব বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়…

অসমলৈ আহিব জে পি নাড্ডা, উদ্বোধন কৰিব বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়…

author-image
asomiyapratidin
New Update
অসমলৈ আহিব জে পি নাড্ডা, উদ্বোধন কৰিব বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়…

ডিজিটেল ডেস্ক : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ২৯ আগষ্টত আহিব অসম-ত্ৰিপুৰা ভ্ৰমণলৈ । এই ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি ২৯ আগষ্টতেই গুৱাহাটীৰ উজান বজাৰ স্থিত বিজেপিৰ নৱ্-নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰিব সভাপতি গৰাকীয়ে । 

Advertisment

ইয়াৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব জে পি নাড্ডা । এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে সকলো সাংসদো উপস্থিত থাকিব ।

উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ এই ভ্ৰমণে এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিব বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক : বনকৰা কিশোৰী আৰতি তুৰিৰ মৃত্যু প্ৰসংগ : খান্দি উলিয়ালে মৃতদেহ

assam northeast bjp