গহপুৰ মহকুমাত মাটিৰ স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ প্ৰদান

গহপুৰ মহকুমাৰ গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ ৬৮ খন ফৰেষ্ট ভিলেজৰ মুঠ ২৩২৯ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব মাটিৰ স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ।

author-image
Asomiya Pratidin
New Update
গহপুৰ মহকুমাত মাটিৰ স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ প্ৰদান

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ ৰাজহুৱা স্বাৰ্থ জড়িত কৰ্ম সম্পাদন কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত(ৰাজহ) তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই গহপুৰৰ উত্তৰাঞ্চলত যুগ যুগ ধৰি বসবাস কৰি অহা জনজাতীয় লোক সকলক মাটি স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত এক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি যোৱা ২৩ জানুৱাৰীত গহপুৰৰ উত্তৰাঞ্চলৰ চত্ৰং মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, গহপুৰ মহকুমাৰ মহকুমা কল্যাণ বিষয়া চয়নিকা হাজৰিকা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত Forest Right Act- 2006 ৰ অধীনত উক্ত মাটি স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পিছত আজিও উক্ত প্ৰমাণ পত্ৰ প্ৰদানৰ কাম অব্যাহত ৰাখিছে মহকুমাধিপতি লুকুমণি বৰাই।

Advertisment

গহপুৰ মহকুমাৰ গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ ৬৮ খন ফৰেষ্ট ভিলেজৰ মুঠ ২৩২৯ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব মাটিৰ স্বত্বাধিকাৰ প্ৰমাণ পত্ৰ।

উল্লেখযোগ্য যে-উক্ত লোকসকলে দীৰ্ঘ দিন ধৰি মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল। নিজৰ নামত মাটি নথকাৰ বাবে বিভিন্ন চৰকাৰী সুবিধা লাভৰ পৰাও বঞ্চিত হৈ আছিল উক্ত জনজাতীয় লোক সকল। শেহতীয়া ভাৱে উক্ত লোকসকলৰ মাটিৰ অধিকাৰৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰাত যথেষ্ট উৎফুল্লিত হৈ পৰিছে তেওঁলোক। মহকুমাধিপতি লুকুমণি বৰাৰ তৎপৰতাৰ বাবে ২৩২৯ গৰাকী লোকে লাভ কৰা মাটিৰ অধিকাৰে উত্তৰ অঞ্চলত এক পৰিবৰ্তনৰ সূচনা কৰিব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে। জানিব পৰা মতে-হিতাধিকাৰী অনুযায়ী নুন্যতম একঠাৰ পৰা সৰ্বাধিক ৩০ বিঘালৈকে মাটি স্বস্তধিকাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে।

Also Read: উদুলি-মুদুলি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ

land ownership sub-division gohpur