/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/shritu-santanu-america-2.jpg)
ডিজিটেল ডেস্কঃ অসমৰ এজন যুৱকক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত চলিছে সৰৱ চৰ্চা। হঠাৎ বাতৰিৰ শিৰোনাম হৈছে শান্তনু হাজৰিকা নামৰ এগৰাকী শিল্পী। ৰেখাচিত্ৰ অংকন কৰা এই শিল্পীগৰাকীয়ে ২০১৪চনত ৰেডবুল ডুডল ৱৰ্ল্ড আৰ্ট চেম্পিয়নশ্বিপ খিতাপ অৰ্জনো কৰিছিল।
এখন বিশেষ ফটো লৈ চৰ্চালৈ আহিছে এই যুৱকজন। যোৱা ২৮ জানুৱাৰী, ২০২১ত ৩৫ বছৰীয়া জন্মদিন পালন কৰিছিল এগৰাকী অভিনেত্ৰীয়ে। মুম্বাইৰ এই অভিনেত্ৰীগৰাকীৰ সৈতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন বিশেষ আলোকচিত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/8fdbd622-342e-4aee-90fe-09cb4bb54b0b-1024x1024.jpg)
অভিনেত্ৰীগৰাকীৰ কাষতেই আছিল অসমৰ এই শান্তনু হাজৰিকা নামৰ যুৱকজন। শান্তনু হাজৰিকাৰ ঘৰ গুৱাহাটীত। এছ আৰ এম ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনলজীত অধ্যয়ন কৰি মুম্বাই আৰু দিল্লীৰ বাসী হোৱা শান্তনু আছিল গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ ছাত্ৰ।
সেই গৰাকী চিত্ৰশিল্পীৰ সৈতে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ জীয়াৰীৰ সুসম্পৰ্ক থকা বুলি চৰ্চিত হৈছে এই খবৰ। কিয়নো ৩৫ বছৰীয়া জন্মদিন উদযাপন কৰি ইনষ্টাগ্ৰামত শান্তনু হাজৰিকাৰ সৈতে কমল হাছানৰ কন্যা শ্ৰুতি হাছানে পোষ্ট কৰিছিল এই আলোকচিত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/8cb0e08f-e69c-4d3e-95a1-faaec5ebf33f-1024x1024.jpg)
শান্তনু হাজৰিকা আছিল জিএপি অৰ্থাৎ গুৱাহাটী আৰ্ট প্ৰজেক্টৰো সহ প্ৰতিষ্ঠাপক। যি সংস্থাই উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰশিল্পক মানুহৰ মাজলৈ লৈ যোৱাৰ বাবে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। শান্তনুৰ সৈতে তেওঁৰ ফেচবুক প্ৰফাইলতো শ্ৰুতি হাছানৰ কেইবাখনো ফটো আপলোড কৰা আছে।
শেহতীয়াকৈ শুকুৰবাৰে শান্তনুৱে শ্ৰুতিৰ সৈতে এখন ফটো ফেচবুকত আপলোড কৰিছিল। শ্ৰুতি টেগ কৰি শান্তনু হাজৰিকাই লিখিছে- 'অল দ্য বেষ্ট ফ'ৰ ছালাহ।' এনেবোৰ সূত্ৰৰ আঁত ধৰিয়েই ছ'চিয়েল মিডিয়াত চলিছে এই চৰ্চা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/e260cab7-4ed3-4f44-80f4-2aa12f73712b-1024x1024.jpg)
২৭ জানুৱাৰীত মুম্বাইৰ পথত হাতত ধৰা ধৰি কৰি শান্তনুক দেখা পোৱা গৈছিল শ্ৰুতিৰ সৈতে। ইয়াৰোপৰি, ছ'চিয়েল মিডিয়াত আন এক ভিডিঅ' ভাইৰেল হৈছে। বহুতে ক'ব খোজে শ্ৰুতিৰ সৈতে এতিয়া ডেটিঙত ব্যস্ত শান্তনু।
শান্তনুৱে ইনষ্টাগ্ৰামত পোষ্ট কৰা শ্ৰুতিৰ ফটো আৰু মাজনিশা জন্মদিন উদযাপন কৰা সেই দৃশ্য চাই বহুতে ভাবিছে শান্তনু আৰু শ্ৰুতিৰ মাজত আছে বিশেষ সম্বন্ধ। এখন আলোকচিত্ৰত শ্ৰুতিক সাৱটি ধৰিছে শান্তনুৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/bd8455cb-62d4-4b89-9223-508186e0b19b-1-1024x1024.jpg)
শান্তনুকো আলিংগন কৰিছে এই আলোকচিত্ৰত শ্ৰুতিয়ে। যিখন আলোকচিত্ৰই এতিয়া ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। দিয়ো ক'লা সাজ পিন্ধি জন্মদিনৰ প্ৰাকক্ষণত শ্বেয়াৰ কৰা এই আলোকচিত্ৰৰ আধাৰতে শ্ৰতি-শান্তনুৰমাজত প্ৰেম আছে বুলি বহুতে ক'ব খোজে যদিও এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা কোৱা হোৱা নাই। কিন্তু সেই আলোকচিত্ৰই কৈ গৈছে বহু কথা। সেয়া হৈছে ভাবি লোৱা মতে সঁচা নে মিছা শান্তনু বা শ্ৰতিয়ে মুখ খুলিলেহে জানিব পৰা যাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/020443b7-8f54-4aa9-b9f7-a53b1becf4e2-1024x1024.jpg)
শ্ৰুতি মুলত তামিল অভিনেত্ৰী আৰু গায়িকা। বলিউডতো শ্ৰুতিয়ে ভৰি থৈছেহি। ছ'চিয়েল মিডিয়াত চৰ্চিত এই খবৰৰ ভিত্তিতেই অসমতো ইয়াক লৈ আলোচনা চলিছে। বহুতে কিছু দূৰ আগুৱাই গৈ এনেদৰেও গৈছে যে- অসমৰ বোৱাৰী হ'ব কমল হাছানৰ ডাঙৰ কন্যা।