/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/c3a928e8-500f-4c33-9474-0c185e28cec7.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব এই সন্দৰ্ভত ইতিমধ্যে প্ৰকাশ পাইছে এগজিট প'ল। সমীক্ষক সন্থাসমূহৰ বেছিভাগেই এগজিট প'লৰ সমীক্ষাত ৩০০ৰো অধিক আসনেৰে এইবাৰ পুনৰ মোডী চৰকাৰ শাসনলৈ অহাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে।
ৰিপাব্লিক টিভিৰ মতেএন ডি এয়ে এইবাৰ পাব ৩০৫ খন আসন। নিউজ নেশ্যনৰ মতে এনডিএয়ে লাভ কৰিব ২৮২-২৯০ খনআসন। আইএএনএছৰ মতে ২৩৪ খন আসন লাভ কৰিব এনডিএয়ে। একেদৰে এবিপি, এছি নেইলশ্যনেবিজেপিয়ে ২৫৬ খন লাভ কৰিব বুলি সমীক্ষাত কৈছে।
বিজেপিক নিউজ-২৪,টুডে'জ চাণক্যই ৩৪০ খন, টাইমছ নাউ, ভিএমআৰ-এ ৩০৬ খন, এমটিভি প'ল অৱ প'লছে ৩০২ খন,নিউজ-১৮-আইপিএছঅ'এছ-এ ৩৩৪ খন, ইণ্ডিয়া টুডে-মাই এগজিট প'লে ৩৩৯-৩৬৫ খন আসন দিছে।
ইউপিএয়ে ৭০ৰ পৰাসৰ্বাধিক ১২৮ খন আসন লাভ কৰিব বুলি কোৱাৰ বিপৰীতে সমীক্ষক সন্থাসমূহে অন্যানই ১১৪ৰপৰা ২২৭ খন আসন লাভ কৰাৰ কথা কৈছে এই এগজিট প'লত।
প্ৰশ্ন উঠিছে- এইএগজিট প'ল ২৩ মে'ত সঁচা প্ৰমাণিত হ'বনে? অসমত টাইমছ নাউৰ মতে ৬ খন আসন লাভ কৰিববিজেপি মিত্ৰজোঁটে। ৰাজ্যখনত বিজেপি তথা মিত্ৰজোঁটে ১০ খন আসন লাভ কৰিব বুলি কৈছেটুডে'জ চাণক্যই। অসমৰ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে কিমান আসন লাভ কৰিব সেই হিচাবনিকাচ ইতিমধ্যে ৰাজ্যিক বিজেপিয়েও কৰিছে।
ৰাজ্যিক বিজেপিৰমতে, কোকৰাঝাৰত এইবাৰ মুঠ ভোটদান কৰিছিল ১৪,৬৮,১১২ জন ভোটাৰে। এই সমষ্টিটোতবিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিপিএফৰ প্ৰাৰ্থীপ্ৰমিলাৰাণী ব্ৰহ্মই। বিজেপিৰ তথ্য অনুসৰি, ১০ টা সমষ্টিৰ ভিতৰত প্ৰমীলাৰাণীব্ৰহ্মই ৪,৭০,০০০ ভোট হে লাভ কৰিব। সেই অনুসৰি এই সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰপ্ৰাৰ্থীগৰাকীৰ পৰাজয়ৰ সম্ভাৱনাই অধিক।
ধুবুৰী সমষ্টিটোবিজেপিৰ ক্ষেত্ৰভিত্তিক তথ্য অনুসৰি ৪,৭৫,০০০ হাজাৰ ভোট লাভ কৰিব তেওঁলোকৰমিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে। এই সমষ্টিটোত মুঠ ভোটদান কৰিছিল ১৬,৮২,৭১১ জন ভোটাৰে।
শিলচৰ সমষ্টিতবিজেপিৰ প্ৰাৰ্থীয়ে প্ৰায় ৪,৬৫,০০০ ভোট লাভ কৰাৰ সম্ভাৱনা আছে বুলি বিজেপিৰ নিজৰসমীক্ষাত প্ৰকাশ। এই সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা ৯,৪৫,৮৩৪ গৰাকী। সেইফালৰ পৰা চালে এই ৩টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰসম্ভাৱনা ক্ষীণ।
কৰিমগঞ্জত মুঠভোটদান হোৱা ১০,৫৮,০৮৮ ভোটৰ পৰা ৪,৯৫,০০০ ভোট বিজেপিয়ে লাভ কৰিব বুলি উল্লেখ কৰাহৈছে। যোৰহাটত মুঠ ভোটদানৰ ১০,৫৪,১২৫ টা ভোটৰ ভিতৰত বিজেপিয়ে ৫,৮৫,০০০ ভোট লাভকৰাৰ আশা কৰিছে। কলিয়াবৰত মুঠ ভোটদান কৰিছিল ১৪,২১,৫০০ জন ভোটাৰে। এই সমষ্টিটোতবিজেপিৰ আশা তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৬,৬০০০০ ভোট লাভ কৰিব।
মঙ্গলদৈত মুঠভোটদানৰ সংখ্যা আছিল ১৫,০০৯০৮ টা। তাৰে ৭,৬৫০০০ ভোট বিজেপিয়ে লাভ কৰিব বুলি আশাকৰিছে। বৰপেটাত বিজেপিয়ে ভোটদান হোৱা ১৪,৫২,২১৩টা ভোটৰ পৰা ৫,৪৫,০০০ টা ভোট লাভকৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে সমীক্ষাত। গুৱাহাটীত মুঠ ভোটদানৰ ১৭,৬০,৫১১ টাভোটৰ পৰা বিজেপি প্ৰাৰ্থীয়ে ১০,১৫,০০০ ভোট লাভ কৰিব বুলি দাবী কৰিছে।
ডিব্ৰুগড়ত মুঠভোটদানৰ ১০,১৩,৮২১ টা ভোটৰ পৰা বিজেপি প্ৰাৰ্থীয়ে ৬,৩০,০০০ লাখ ভোট লাভ কৰি জয়ীহ'ব বুলি বিজেপি আশাবাদী। একেদৰে নগাঁৱত ১৪,৮৯,৫৪৩ টা ভোটৰ পৰা বিজেপি প্ৰাৰ্থীৰূপক শৰ্মাই ৭,৭০,০০০ টা ভোট লাভ কৰিব বুলি বিজেপিয়ে দাবী কৰিছে।
তেজপুৰত মুঠ ভোটদানকৰা ভোটাৰৰ সংখ্যা আছিল ১১,৮৩,০৩৩ জন। ইয়াৰে ৬.৭০০০০ ভোট বিজেপিয়ে পাব বুলি আশাকৰি আছে। লক্ষিমপুৰত ১২,৭৯,১১৯টা ভোটৰ পৰা বিজেপিয়ে ৭,৬০০০০ টা ভোট লাভ কৰিব বুলিসদৰি কৰিছে।
বিজেপিৰ এই তথ্যবিশ্লেষণ কৰিলে ওলাই পৰে অসমৰ লোকসভা নিৰ্বাচনৰ ফলাফল। কোনো কোনোৱে অসমত বিজেপিমিত্ৰজোঁটে ১০ খন আসন লাভ কৰিব বুলি দাবী কৰিলেও বাস্তৱত বিজেপিয়ে ৬-৭ খন আসন লাভকৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে।
লোকসভা নিৰ্বাচনৰএগজিট ফলাফলক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে। এই সন্দৰ্ভত বিভিন্ন জনে প্ৰকাশ কৰিছেবিভিন্ন মতামত। ৰাইজেনো এই সন্দৰ্ভত কি ভাৱে সেই বিষয়ে জানিব বিচৰা হৈছিলসাংবাদিক, লেখক ৰণেন গোস্বামীৰ পৰা। বিশিষ্ট স্তম্ভলেখক তথা ৰাজনৈতিক বিশ্লেষকৰণেন গোস্বামীৰ মতে শেহতীয়াকৈ প্ৰকাশ কৰা এগজিট প'লৰ ফলাফলক লৈ তেওঁ আচৰিত হৈছে।তেওঁ কয়- ৰিপাব্লিক জন কী বাতৰ মতে এনডিএয়ে ৩০০ ৰো অধিক আসন পাব। চি ভোটাৰে দিছেএনডিএক ২৮৭ খন আসন। কিন্তু আমি বিচাৰ কৰিব লাগিব, কি পদ্ধতিত এই এগজিট প'লসমূহ কৰাহৈছে। দিল্লীত ৭ খন আসন বিজেপিকে দিয়া হৈছে। দক্ষিণ ভাৰতত ২৫ খনৰ বেছি আসন নাপায়বিজেপিয়ে। উত্তৰ প্ৰদেশত ৫০ খন আসন দিয়া হৈছে এনডিএক। বিজেপিৰ এজন নেতাই নিজে সদৰিকৰিছে এইবাৰ দলৰ অৱস্থা ভাল নহয় বুলি। তেনে ক্ষেত্ৰত এই এগজিট প'ল সমূহৰ ফলাফলক লৈআচৰিত হৈছো। হয়তো এনডিএয়ে পুনৰ শাসনলৈ আহিব। কিন্তু ইমান বেছি আসন পাব বুলি মনেনধৰে। চিএছডিএছৰ মতে ২৮৭ খন আসন লাভ কৰিব এনডিএয়ে। তাৰ ভিতৰত ২১০ খন আসন হয়তোবিজেপিৰ হ'ব। কিন্তু তেতিয়া আন দলবোৰৰ সৈতে বুজাপৰাৰে চৰকাৰ গঠন কৰাৰ সময়ত উপপ্ৰধানমন্ত্ৰী পদৰো সৃষ্টি কৰিব লগা হ'ব পাৰে। মধ্যপ্ৰদেশ, ৰাজস্থানত বিজেপিয়েকিমান আসন পাব তাত সন্দেহ আছে।
অসমৰ ক্ষেত্ৰতনিৰ্বাচনৰ পূৰ্বে ৩ খন আসন বিজেপিয়ে লাভ কৰা বুলি ক'ব পাৰি। ডিব্ৰুগড়, লক্ষিমপুৰ,ডিফুত বিজেপিৰ জয় নিশ্চিত। একেদৰে কলিয়াবৰ, বৰপেটা, শিলচৰত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ীহ'ব। নগাঁৱত ৬০ শতাংশই কংগ্ৰেছৰ সম্ভাৱনা আৰু ৪০ শতাংশ বিজেপি প্ৰাৰ্থীৰ জয়ৰসম্ভাৱনা আছে। তেজপুৰত ৫০ শতাংশ বিজেপি আৰু কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা থকাৰ লগতেযোৰহাটত কংগ্ৰেছ-বিজেপিৰ জয়ৰ সম্ভাৱনা সমান। মাহমৰা আৰু সোণাৰিত যদি বিজেপিপ্ৰাৰ্থী তপন গগৈয়ে ৫০,০০০ৰ অধিক ভোটত অগ্ৰগতি লাভ কৰে, তেন্তে সেই সমষ্টিটোতবিজেপিয়ে জয়লাভ কৰিব। মঙ্গলদৈত অতি কম ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনা ৬০শতাংশ।
ইফালে, বিশিষ্টলেখক, সাহিত্যিক ইছমাইল হুছেইনৰ মতে এই এগজিট প'লৰ ওপৰত তেওঁৰ বিশ্বাস নাই। এয়াটকাৰে সম্ভৱ। নিৰ্বাচনৰ সময়ত বিৱৰ্ণ হৈ পৰা মোডীৰ মুখলৈ হাঁহি আনিবলৈকে হয়তোচৰকাৰী পৃষ্ঠপোষকতাত এনে এগজিট প'ল প্ৰকাশ কৰা হৈছে। বিজেপিয়ে অকলে ১৭০-১৮০ খন আসনলাভ কৰিব পাৰে। দক্ষিণ ভাৰত, পাঞ্জাৱ, উত্তৰ প্ৰদেশ সকলোতে বিজেপিৰ অৱস্থা বেয়া।তাৰ পিছত আসন আহিব ক'ৰ পৰা। এনেকুৱা হ'ব পাৰে, এনে এগজিট প্ৰকাশৰ পাছত প্ৰশাসনৰজৰিয়তে তেনে এক ফলাফল লাভ কৰাৰ বাবে বেঁকা পথৰো আশ্ৰয় ল'ব পাৰে। সেয়া একো ক'বনোৱাৰি।
বিশিষ্ট লেখক,সাংবাদিক বেদব্ৰত বৰাৰ মতে, এই এগজিট প'লৰ বিশ্বাস যোগ্যতাক লৈ তেওঁৰ সন্দেহ আছে।অমিত শ্বাহে এগজিট প্ৰকাশৰ পূৰ্বেই এখন সংবাদ মেলত ঘোষণা কৰিছিল যে বিজেপিয়ে ৩০০ৰোঅধিক আসন লাভ কৰিব। তাৰেই প্ৰতিফলন ঘটিছে একাংশ এগজিট প'লত। আগতেও এগজিট প'ল মিলানাছিল। চৰকাৰ যাৰেই নহওক, যেতিয়ালৈকে ধৰ্মকেন্দ্ৰিক ৰাজনীতি চলিব, তেতিয়ালৈকে এনেকথা বতৰাবোৰ গুৰুত্বহীন। আৰু অসমৰ সন্দৰ্ভত যি এগজিট প'ল প্ৰকাশ কৰিছে, সেয়া শুদ্ধনহয়। আগতেও এনে এগজিট প'ল ভুল প্ৰমাণিত হৈছে।
ব্যৱসায়ৰ সৈতেজড়িত, ৰাজনৈতিকভাৱে সচেতন ইশ্বৰ প্ৰসন্নৰ মতে এই এগজিট প'ল নিমিলে। তেওঁৰ স্পষ্টকথা, অসমতে বিজেপিৰ আসনৰ সংখ্যা কমিব। মোডী চৰকাৰ হ'বও পাৰে নহ'বও পাৰে, কিন্তুবিজেপিয়ে ইমান আসন লাভ কৰিব বুলি যি এগজিট প'ল প্ৰকাশ কৰিছে তাক লৈ মোৰ সন্দেহআছে।
মানুহে ইমান ভাল পাববুলি নিশ্চিত হ'লে পাৰ্টী কৰে। উচ্চাহত থাকে। বেয়া দিন চলিলেহে মানুহ মন্দিৰলৈযায়। তেওঁতো এতিয়া মন্দিৰে মন্দিৰে ঘূৰি ফুৰিছে। গতিকে অনুমান কৰিব পাৰি, বৰ ভালদিন চলি থকা নাই।
অসমত বিজেপিয়ে ৫-৬খনআসন লাভ কৰিব। কোকৰাঝাৰত নৱ শৰণীয়া জিকিব। ধুবুৰী, কৰিমগঞ্জ এআইইউডিএফে পাব।কংগ্ৰেছৰো আসন ৫-৬ৰ ভিতৰত থাকিব।
কমল কুমাৰ মেধিৰ মতে,এই এগজিট প'লৰ তথ্য মানি ল'ব নোৱাৰি। কংগ্ৰেছৰ নেতৃত্বতে কেন্দ্ৰত সন্মিলিত চৰকাৰহোৱাৰ সম্ভাৱনা অধিক। ইফালে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইৰ মতে,বিজেপিৰ আসন হয়তো অসমত এইবাৰ বৃদ্ধি হ'ব। তেওঁৰ মতে, বিজেপিয়ে ৬-৮খন আসন লাভ কৰাৰবিপৰীতে বাকী ৬ খন আসনত কংগ্ৰেছ, এআইইউডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব।
এগজিট প'লৰ সন্দৰ্ভতপ্ৰতিক্ৰিয়া জানিব বিচৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়েক'লে- অসম তথা সৰ্বভাৰতীয় পৰ্যায়ত কি ফলাফল হয় তাক জানিবলৈ আমি ২৩ মে'লৈ অপেক্ষাকৰিব লাগিব। দেশৰ জনসাধাৰণে নিশ্চয় চৰকাৰৰ কাম কাজ, পাৰদৰ্শিতাৰ ওপৰত ভিত্তিকৰিয়েই ভোটদান কৰিছে। সেয়েহে এই ফলাফল কি হয়, আমি জানিবৰ বাবে সেই দিনটোলৈ অপেক্ষাকৰিব লাগিব। এতিয়া সৰহভাগ সংবাদ মাধ্যমে এনডিএ চৰকাৰ হ'ব বুলি কৈ আছে। কিন্তু কিধৰণে এই সমীক্ষা কৰা হৈছিল, সেয়া গুৰুত্বপূৰ্ণ হ'ব। অসমৰ ক্ষেত্ৰত অসমৰ ৰাইজেজাতীয় বিষয়বোৰক লৈ সচেতন হৈ ভোটদান কৰিছে বুলি মোৰ বিশ্বাস। এগজিট প'লৰ এশ শতাংশইযে মিলিব, তাৰ কোনো বিশ্বাসযোগ্যতা নাই।
ইতিমধ্যে এনেসমীক্ষা ভুল প্ৰমাণিত হৈছে। একাংশ বহতীয়া সংবাদ মাধ্যমে চৰকাৰী পৃষ্ঠপোষকতাত বহুকাম কৰে। তাক লৈ চৰ্চাও হৈছে। শেহতীয়াকৈ ৰাজস্থান, মধ্যপ্ৰদেশৰ প্ৰদেশৰ বিধানসভানিৰ্বাচনতো এগজিট প'ল ভুল প্ৰমাণিত হৈছে।
এয়া আমাৰ মন্তব্যনহয়। এগজিট প'লক লৈ চৰ্চা হোৱাৰ পাছত বিভিন্ন জনৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া। সমাজকৰ্মীভৱেন সন্দিকৈৰ মতে খুব পৰিকল্পিত ভাৱে এই কাম কৰিছে মোডী চৰকাৰে। ২৩ মে'ত সকলো কথাগম পোৱা যাব। তেওঁৰ মতে, নিৰ্বাচনৰ পাছত যাতে বিৰোধীয়ে ঐক্য হ'ব নোৱাৰে তাৰ প্ৰতিলক্ষ্য ৰাখিয়েই চৰকাৰী পৃষ্ঠপোষকতাত এই এগজিট প'লৰ নাটক ৰচা হৈছে।
এগজিট প'ল সঁচাই হওকবা মিছাই হওক, আৰু কেই ঘন্টামান অপেক্ষা কৰিলেই ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফলপোহৰলৈ আহিব। এগজিট প'লৰ আধাৰত নহয়, নিৰ্বাচনী ফলাফলৰ আধাৰতহে হ'ব দেশৰ পৰৱৰ্তীচৰকাৰ। এগজিট প'লক লৈ এতিয়া দেশজুৰি চলিছে হৈ হাল্লা।