ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিষয়া পবিত্ৰ বৰাৰ বিয়োগ

ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিষয়া পবিত্ৰ বৰাৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা জলসিঞ্চন সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত শাখা বিষয়া,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক,ঢকুৱাখনা জীয়ামৰিয়া গাঁও নিবাসী সমাজহিতৈষী ব্যক্তি পবিত্ৰ বৰাৰ সোমবাৰে নিশা বৈকুণ্ঠ পৰায়ন ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।

কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত শয্যাশায়ী হৈ থকা বৰাৰ স্বাস্থ্যৰ অৱস্থা যোৱা নিশা দ্ৰুত অৱনতি ঘটাৰ পৰৱৰ্তী সময়ত প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে । অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান, ৰাজহুৱা কাম কাজত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বৰাই মৃত্যুৰ সময়ত পত্নী পুতলি  বৰা,এগৰাকী কন্যা,দুই পুত্ৰসহ অগণন ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে ।

উল্লেখ্য যে, ২০১৫ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ধৰ্মপ্ৰাণ বৰাৰ বিয়োগত ঢকুৱাখনাৰ বিভিন্ন ব্যক্তি,অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰি বিদেহ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছে আৰু শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in