দক্ষিণ শালমাৰা-মানকাচৰত অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰী বাছনিত অনিয়ম

দক্ষিণ শালমাৰা-মানকাচৰত অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰী বাছনিত অনিয়ম

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰা-মানকাচৰত অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰী বাছনিত অনিয়ম

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : অৰুণোদয় আঁচনিৰ আৰম্ভণিৰে পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চৰম অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। তেনে সময়তে অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত জিলাখনত চমৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে জিলা বিজেপিৰ এগৰাকী সম্পাদকে।

উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে জিলাখনৰ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তত অৰুণোদয় ২.০ আচনিৰ হিতাধিকাৰীৰ তালিকাত গাওঁপ্ৰধানৰ পত্নীৰ নাম অন্তৰ্ভূক্ত হোৱাক লৈ জিলাখনৰ দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে জিলা বিজেপিৰ সম্পাদক আমানুৰ উদ্দীন আহমেদে যোৱা ১০ নবেম্বৰত অৰুণোদয় ২.০ আচনিৰ তালিকাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি হাটশিঙিমাৰী জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছিল।

সম্পাদকগৰাকীয়ে উত্থাপন কৰা অভিযোগমতে, নতুনকৈ গঠন হোৱা জৰুৱা-বিৰসীং সমষ্টিৰ একাংশ পঞ্চায়তত চৰকাৰী পেন্সনপ্ৰাপ্ত পৰিয়াল, অংগনবাড়ী কৰ্মী হিচাপে কাম কৰা পৰিয়াল, আশাকৰ্মীৰ পৰিয়াল, পি আৰ আই সদস্য, আত্মসহায়ক গোটৰ সদস্য তথা ট্ৰেক্টৰ আৰু চাৰিখন মটৰ চাইকেল থকা পৰিয়ালৰ লগতে ধনী শ্ৰেণীৰ নাম ২.০ অৰুণোদয় আচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

তদুপৰি একেটা পৰিয়ালৰ চাৰিজন লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগতে সমষ্টিখনত বহু প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰা বুলি বিজেপিৰ জিলা সম্পাদকগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পঞ্চায়ত সভাপতি, সদস্য সকলে খেলি মেলি কৰি জিলা এই তালিকা প্ৰকাশ কৰাৰো অভিযোগ তুলিছে বিজেপিৰ সম্পাদকগৰাকীয়ে। ধনৰ বিনিময়ত যোগ্য হিতাধিকাৰীৰ নাম বাদ পেলাই ধনী শ্ৰেনীৰ লোকক তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে বুলি অভিযোগ পত্ৰ খনত উল্লেখ কৰা হৈছে।

জিলাখনৰ একাংশ স্থানত বহি ৰাজ্যৰ লোকৰ নামও অৰুণোদয় ২.০ আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ পোৱা গৈছে। বিশেষকৈ জিলাখনৰ মানকাচৰ সমষ্টিৰ কাকৰিপাৰা এলেকাৰ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তৰ এগৰাকী গাওঁপ্ৰাধনৰ পত্নীৰ নামত অৰুণোদয় হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ পাচত জিলা প্ৰশাসনে ইতিমধ্যে তালিকা পৰীক্ষণৰ বাবে গাওঁপ্ৰধান সকলক নিৰ্দেশনা দিয়া বুলি জনা গৈছে।

কিন্তু গাওঁপ্ৰধানৰ পত্নীৰ নাম কিদৰে তালিকাত অন্তৰ্ভুক্ত হ'ল তাক লৈ জিলা প্ৰশাসনে কোনো বিহীত ব্যৱস্থা আজিলৈ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। একাংশ স্থানত যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিও নতুনকৈ তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে।

জিলা প্ৰশাসনৰ পৰা অৰুণোদয়ৰ দায়িত্ব পোৱা বিষয়াৰ নেতৃত্বত জিলাখনৰ অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰা হৈছে। এনে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে ৰহস্যজনকভাৱে উক্ত বিষয়াজনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

বিজেপিৰ সম্পাদক আমানুৰ উদ্দীনে বিষয়টো তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনাইছে। একেদৰে তালিকা তদন্ত বা পৰীক্ষণৰ ক্ষেত্ৰত যাতে কোনো পঞ্চায়ত সদস্য, সভাপতি বা প্ৰতিনিধিক নিদি গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা পৰীক্ষণ কৰা হয় তাৰ প্ৰতিও জিলা প্ৰশাসনে গুৰুত্ব দিবলৈ দাবী জনাইছে।

Also Read: শ্ৰেয়াছ-ৰাহুলৰ শতক,বেটে-বলে উজলিল ৰোহিত-বিৰাট

Assam Orunodoi Scheme south salamara bjp