ডিজিটেল সংবাদ পাটাছাৰকুছি: বুধবাৰে নিশা মুম্বাইত সামৰণি পৰা গ'ল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“-এ আজুৰি আনিবলৈ সক্ষম হয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ ৷ মায়ানগৰী মুম্বাইত বলিউডৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতা, শিল্পীৰ উপস্থিতিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ গ্ৰহণ কৰে “আইৰন গাৰ্লছ“ৰ পৰিচালক তথা অধ্যাপক ৰাজেন দাসে৷
বৰ্তমান মুম্বাইত থকা ৰাজেন দাসে জনাইছে যে এই বঁটা শিপাৰ সতে সংপৃক্ত অসমৰসমূহ ওজাপালি -দেওধনী লোকশিল্পীৰ হাতত তথা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ হাতত উছৰ্গা কৰিছে৷ ইয়াৰ পূৰ্বেই মহোৎসৱ উপলক্ষে মুম্বাইৰ ৰূপালী পৰ্দাত প্ৰদৰ্শিত হয় ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“৷
চলচ্চিত্ৰ প্ৰদৰ্শনৰ অন্তত অনুষ্ঠিত প্ৰশ্নোত্তৰ শিতানত পৰিচালক ৰাজেন দাসে অসমৰ শিপাৰ সৈতে সংপৃক্ত ওজাপালি-দেওধনী লোকশিল্পৰ ওপৰত এক বিস্তৃত বক্তব্য প্ৰদান কৰে৷ পৰিচালকগৰাকীয়ে দুবছৰ ধৰি এই লোকশিল্পৰ ওপৰত কৰা নিৰলস গৱেষণা আৰু তাৰ ফলশ্ৰুতিত “আইৰন গাৰ্লছ“ নিৰ্মাণৰ সংগ্ৰামী যাত্ৰাৰ বিষয়েও দৰ্শকৰ প্ৰশ্নৰ উত্তৰত বিৱৰি কয়৷
“আইৰন গাৰ্লছ“ত নিজেই লোকশিল্পীৰ জীৱন সংগ্ৰামৰ এক কৰুণ চৰিত্ৰত জীৱন্ত অভিনয় কৰা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ অসমৰ ছিপাঝাৰৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদ্মশ্ৰী বঁটা গ্ৰহণৰ সপোন সদৃশ যাত্ৰাৰ বিষয়েও পৰিচালক ৰাজেন দাসে দৰ্শকক অৱগত কৰে৷ উল্লেখ্য যে, অসমৰ স্বৰ্ণিল লোকশিল্প ওজাপালি -দেওধনীক বিশ্বজনীন প্ৰসাৰ দিয়াৰ লগতে নতুন প্ৰজন্মক শিপাৰ সতে সংপৃক্ত লোকশিল্পক জীয়াই ৰাখিবলৈ উদ্বুদ্ধ কৰিবলৈ পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“ ইতিমধ্যেই কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অ’ফিচিয়েল চিলেকচন লাভ কৰি প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃত হৈছে৷
উল্লেখ্য যে “আইৰন গাৰ্লছ“ত অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা,আশা বৰদলৈ,মৃদুল বৰুৱা,তৰুণ আজাদ ডেকাৰ লগতে নৱাগত জেচমিন দাস,দীপান্বিতা দাস, সীমা ডেকা, প্ৰিয়ংকা নাথ, প্ৰকাশ ঠাকুৰীযা, সোনেশ্বৰ কলিতা,বিশাল স্বৰ্গীয়াৰী আৰু ওজাপালি -দেওধনীৰ লগত জড়িত বহুসংখ্যক লোকশিল্পীয়ে৷
“আইৰন গাৰ্লছ“ৰ সহযোগী প্ৰযোজনা মিনাক্ষী দাসৰ৷ চলচ্চিত্ৰখনৰ চাউণ্ড ডিজাইনিং ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ গায়নৰ, সম্পাদনা ধীৰাজ মজুমদাৰৰ, সংগীত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সৌৰভ মহন্তৰ, ডি আই শ্যামল দাস, চিত্ৰগ্ৰহণ সহযোগী জিন্তু কুমাৰ কাশ্যপ আৰু প্ৰযোজনা নিয়ন্ত্ৰণ কুলেন দাসৰ৷
উল্লেখ্য যে “আইৰন গাৰ্লছ“-এ মুম্বাইত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ খবৰ লাভ কৰাৰ পিছতেই আজি পৰিচালক ৰাজেন দাসৰ ওপজা গাওঁ ভালুকীৰ লগতে পাটাছাৰকুছি-বজালীত এক আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। পৰিচালক ৰাজেন দাসৰ কৰ্মভূমি পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী -শিক্ষকসকলৰ লগতে এই সাফল্যৰ বাবে বিভিন্ন দল সংগঠন অনুষ্ঠান, প্ৰতিষ্ঠানে পৰিচালকগৰাকীলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে৷