/asomiyapratidin/media/media_files/2025/01/07/6BqZFDOkbWZQ1ytHxg8t.jpg)
ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱৰাজ উপাধ্যায়ক।মঙ্গলবাৰে অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব আই এ এছ বিষয়া টি পি বৰগোঁহায়ে এক নিৰ্দেশনাৰ জৰিয়তে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীক এ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে।
উপাধ্যায়ে অসম আৰক্ষীৰ মহাপৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। যোৱা বৰ্ষত এ পি এছ চিৰ সদস্য হিচাপে দায়িত্ব লৈছিল দেৱৰাজ উপাধ্যায়ে।
উল্লেখ্য যে, এ পি এছ চিৰ অধ্যক্ষ ভাৰত ভূষণ চৌধুৰীয়ে অৱসৰ গ্ৰহণৰ পাছতে এই পদ খালী হৈ আছিল। ইফালে এ চি এছ বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু আই এ এছ ভাস্কৰ ফুকনকো এ পি এছ চিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
দেৱৰাজ উপাধ্যায়ক এ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। একালৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ বিজেপি নেতা প্ৰেম টামাঙ আৰু গোৰ্খা সম্প্ৰদায়ৰ একাধিক নেতাই দেৱৰাজ উপাধ্যায়ক তেওঁৰ বাসগৃহত সাক্ষাত কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।
তেওঁ সামাজিক মাধ্যমত লিখিছে, ''অসম লোকসেৱা আয়োগৰ সদস্য তথা ভাৰতীয় পুলিচ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ দেৱৰাজ উপাধ্যায় দেৱক অসম লোকসেৱা আয়োগ (APSC)ৰ অধ্যক্ষ পদত নিযুক্তি প্ৰদান কৰাত তেখেতৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰোঁ।তেখেতৰ এই নিযুক্তি কেৱল তেখেতৰ ব্যক্তিগত উপলদ্ধিয়ে নহয়, এয়া সমগ্ৰ অসমৰ গোৰ্খা সমাজলৈও মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ স্বীকৃতি।
অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দৰে উচ্চ আৰু মৰ্যদাপূৰ্ণ পদবীত এগৰাকী সুযোগ্য গোৰ্খা সন্তানক নিযুক্তি প্ৰদান কৰি ৰাজ্যৰ গোৰ্খা সকলৰ প্ৰতি সহৃদয়তা প্ৰদৰ্শন কৰাৰ বাবে সমগ্ৰ অসমবাসী গোৰ্খাৰ হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।''
একেদৰে বিজেপি নেতা কিশোৰ কুমাপ উপাধ্যায়েও তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।