আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

ধুবুৰী চহৰৰ ১২নং ৱাৰ্ডৰ নিউঘাটৰ পৰা আটক কৰা হৈছে এজন আইপিএল জুৱাৰীক। গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শকদ্বয় জ্যোতিৰ্ময় দাস আৰু পম্পি হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান। ধৃত জুৱাৰীটোৰ নাম ৰহিম আলি। 

author-image
Asomiya Pratidin
New Update
আইপিএল জুৱাৰীক গ্ৰেপ্তাৰ

আইপিএল জুৱাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ধুবুৰী: ধুবুৰী চহৰৰ ১২নং ৱাৰ্ডৰ নিউঘাটৰ পৰা আটক কৰা হৈছে এজন আইপিএল জুৱাৰীক। গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শকদ্বয় জ্যোতিৰ্ময় দাস আৰু পম্পি হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান। বৃহস্পতিবাৰে সন্ধিয়া চলা এই অভিযানত ৩০,২৪০ টকা উদ্ধাৰ কৰাৰ লগতে দুটাকৈ মবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। ধৃত জুৱাৰীটোৰ নাম ৰহিম আলি। 

Advertisment

আৰক্ষীয়ে ৰহিম আলীক গ্ৰেপ্তাৰ কৰি ধুবুৰী থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত আৰু কেইবাটাও আইপিএল জুৱাৰী জালত পৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

আইপিএল