দুদিনৰ বাবে ৰাজ্যত কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱাঃ ৰাজ্য চৰকাৰে জাৰি কৰিছে এছ অ’ পি…

দুদিনৰ বাবে ৰাজ্যত কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱাঃ ৰাজ্য চৰকাৰে জাৰি কৰিছে এছ অ’ পি…

author-image
asomiyapratidin
New Update
দুদিনৰ বাবে ৰাজ্যত কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱাঃ ৰাজ্য চৰকাৰে জাৰি কৰিছে এছ অ’ পি…

ডিজিটেল ডেস্কঃ ৰাজ্যত দুদিনৰ বাবে কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এক এছ অ' পি অনুসৰি ২১ আৰু ২৮ আগষ্টত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰৰ বিভিন্ন বিভাগৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ বৃহৎ নিযুক্তি পৰীক্ষা।

Advertisment

এই নিযুক্তীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পৰীক্ষা অনুষ্ঠিত হোৱা জিলা কেইখনত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। পৰীক্ষাত যাতে কোনো বিসংগতি সংঘটিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে এই ইণ্টাৰনেট সেৱা কেৱল পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়তহে কৰ্তন কৰা হ'ব। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত পুনৰ আৰম্ভ হ'ব এই ইণ্টাৰনেট সেৱা।

আনহাতে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন নিব নোৱাৰিব। বিশেষ ভাৱে সক্ষম পৰীক্ষাৰ্থীসকলৰ বাবে থাকিব সকলোধৰণৰ সুবিধা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে গেজেটেড বিষয়া। কোনো পৰীক্ষা কেন্দ্ৰত যদি কিবা বিসংগতি হয় তেন্তে তাৰ বাবে দায়বদ্ধ হ'ব জিলা উপায়ুক্তগৰাকী।

সম্পূৰ্ণ নিকা পদ্ধতিৰে এই পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবেই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। উল্লেখ্য যে মুঠ ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। ২১ আগষ্টত বিভিন্ন বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা।

assam himanta biswa sarma RECRUITMENTS mega recruitment INTERNET SHUTDOWN