নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

ডিজিটেল সংবাদ নগাঁও : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতি আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী হাজৰিকাই যুৱ সমাজক সঠিক দিশেৰে আগবাঢ়ি নিজৰ লগতে জাতি আৰু দেশৰ উন্নয়নৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ।

Advertisment

বৰ্তমান আমাৰ দেশৰ অধিকাংশ নাগৰিকেই যুৱ প্ৰজন্ম বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে, এনে যুৱ শক্তিৰে বিশ্বৰ উদ্ভাৱনী ক্ষেত্ৰখনত বিশেষ ভূমিকা লব পৰাকৈ আমি সক্ষম । স্বামী বিবেকানন্দৰ উদ্ধৃতিৰে মন্ত্ৰী হাজৰিকাই কয় যে ,যুৱ শক্তিয়ে সমস্যাৰ সমাধান সদায় সিংহৰ দৰে কৰিব পাৰে । দেশৰ খেল, সংগীত আদিৰ ক্ষেত্ৰত যুৱ সমাজে সফলতাৰে ভূমিকা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে যুৱসমাজক নিচাজাতীয় সামগ্ৰী, ড্ৰাগচ আদিৰ পৰা আঁতৰত থাকি নিজৰ উদ্ভাৱনী শক্তিক সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।

এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজৰ বহুখিনি কৰণীয় আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । ল'ৰা ছোৱালী ড্ৰাগচআসক্ত হ'লে অথবা ভালদৰে সমাজত প্ৰতিস্থিত হ'ব নোৱাৰিলে মাক দেউতাকে কেতিয়াও শান্তি নাপায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ড্ৰাগচৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অনাগত সময়তো অব্যাহত থাকিব ।

আজি যুৱ দিৱসৰ অনুষ্ঠানত মন্ত্ৰীদুগৰাকীৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডা: মনোজ কুমাৰ চৌধুৰী, অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমি বৰুৱা, জিলা উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।

assam youth day keshab mahanta pijush hazarika