/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/57b2e53e-50e9-449b-ab66-40b0e7791199/11.jpg)
ডিজিটেল ডেস্কঃ আজি আন্তর্জাতিক নাৰী দিৱস । সমগ্ৰ বিশ্বৰ লগতে ৮ মার্চ শুকুৰবাৰে অসম লেখিকা সমাজ, কামৰূপ মহানগৰ জিলা লেখিকা সমাজ , মেডিয়া পার্টনাৰ প্রাগ নিউজ পৰিয়ালৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই দিৱস উদযাপন কৰে। অনুষ্ঠানটিৰ মুকলি সভাত কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু বিশ্বদ্যিালয়ৰ অধ্যাপক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/912a1222-cef0-43fa-bac7-90c51c2b1c53/IMG20240308131325.jpg)
উল্লেখ্য যে দিনৰ ১২.৪৫ বজাত বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানটিৰ। মুখ্য প্ৰজ্বলক হিচাপে উপস্থিত থাকে যোৰহাট জিলা উপদেষ্টা জয়শ্ৰী শইকীয়া । তেওঁক সহযোগ কৰে অসম লেখিকা সমাজৰ সমূহ কাৰ্মকৰ্তাই। বন্তি প্ৰজ্বলনৰ পাছতে কামৰূপ জিলা লেখিকা সমাজৰ সদস্যাসকলে সমবেত সংগীতেৰে সভাৰ আৰম্ভণি কৰে। ইয়াৰ পাছতেই কামৰূপ জিলা আঞ্চলিক লেখিকা সমাজে দিহানাম প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e639cc6a-9f99-42cb-9b58-b30d56b04685/IMG20240308154604.jpg)
এই অনুষ্ঠানৰ পিছতে অসম লেখিকা সমাজৰ সমূহ সদস্যা সকলৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য প্ৰীতিৰেখা হাজৰিকাৰ লগতে অসম লেখিকা সমাজৰ সদস্যাসকলে। উক্ত কাৰ্যসূচীৰ পিছতেই 'অতুলনীয় বৈভৱ' নামৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে কাঃ মঃ জিঃ লেঃ সঃৰ উপ-সভাপতি ডাঃ বিজুজ জাহানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/16e46d08-8612-4df6-9ff1-94a6439a2943/IMG20240308132802.jpg)
উক্ত কাৰ্যসূচীৰ পিছতেই আৰম্ভ হয় মুকলি সভা। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে এই সভাৰ আঁতধৰে । সভাখন উদ্বোধন কৰে অখিল ভাৰতীয় বিদ্যা পৰিষদৰ মূখ্য উপদেষ্টা ধীৰেন শৰ্মাই। সভাখন উদ্বোধন কৰি ধীৰেন শৰ্মাই নাৰী শক্তিৰ সম্পৰ্কে তেওঁৰ ভাষণ আগবঢ়ায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছাম ট্ৰবিউনৰ জ্যেষ্ঠ সাংবাদিক ইন্দ্ৰাণী ৰায়মেধি। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অনুৰাধা শৰ্মা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অঃ লেঃ সঃৰ উপদেষ্টা সুনীতি সোণোৱাল, উপদেষ্টা থানেশ্বৰ মালাকাৰ, পুতলা নাচৰ বিশিষ্ট শিল্পী বিনিতা দেৱী, অঃ লেঃ সঃৰ কাৰ্যকৰী সভাপতি ৰেণু মহন্ত, ড০ দয়ানন্দ পাঠক, ড০ প্ৰফুল্ল কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত ভৰতীয় প্ৰশাসনিক বিষয়া গায়ত্ৰী বৰুৱা।
উল্লেখযোগ্য যে নাৰী দিৱসৰ লগত সংগতি ৰাখি অসম লেখিকা সমাজে প্রৱর্তন কৰা মোহিনী গগৈ সোঁৱৰণি নাৰী কর্ম প্রেৰণা বঁটা যুটীয়াভাৱে অসমৰ দুগৰাকী বিশিষ্ট মহিলা ড০ ইভা হাজৰিকা আৰু আঙুৰলতা ডেকাক প্রদান কৰে। এই বঁটা গ্ৰহণ কৰি ড০ হাজৰিকাই নাৰীৰ সন্মান, সবলীকৰণ আৰু সম অধিকাৰৰ সন্দৰ্ভত তেওঁৰ বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a5a68f1e-c013-4bfe-9783-a2527bb25d52/IMG20240308163044.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/78cef828-e6b6-424d-a42e-a112f192878c/1.jpg)
তদুপৰি সাংগঠনিক দিশত অনবদ্য বৰঙণি আগবঢ়োৱাৰ কাৰণে দীপ্তি গগৈ বৰুৱা আৰু যোগমায়া সন্দিকৈ লৈ সদস্যৰত্ন বঁটা প্ৰদান কৰে। ইয়াৰোপৰি মনালিছা শর্মা, পংকজা দাস, মৌচুমী দত্ত , জেছমিন চুলতানা, নির্মালি শইকীয়া, জীতাৰাণী খনিকৰ মুঠ ছয় গৰাকী লেখিকাক পাৰদৰ্শিতা বঁটাৰে সম্মানিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9d19b7e7-fa33-4596-827b-7d12185f4834/2.jpg)
প্ৰণিধানযোগ্য যে এই সভাতে অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ অনুদিত গ্ৰন্থ 'নাৰীৰ মূল্য', নীলাঞ্জনা পাচনিৰ কাব্য গ্রন্থ 'সেউজীয়া বাঁহী' নিৰুপমা বৰাৰ কাব্য গ্রন্থ 'অনুভৱৰ পাতত আবিৰৰ চাকনৈয়া', ৰুমা শইকীয়াৰ শিশু গ্ৰন্থ 'তৰাৰ দেশলৈ' এই ৪খন গ্রন্থ 'উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1e33c9a7-3d0a-42be-ad4c-0ce3050c92ef/IMG20240308154442.jpg)
অনুষ্ঠানটোৰ শেষত বিচিত্ৰানুষ্ঠান কাৰ্যসূচীত শিশুসকলৰ বাবে 'লৰিয়লি' আৰু 'সখিয়তি' শীৰ্ষক অনুষ্ঠানৰ উদ্বোধন কৰে সমাজ সংগঠক, গীতিকাৰ ডাঃ মৃন্ময় নাথে । উক্ত অনুষ্ঠানত শিশুসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনেৰে অনুষ্ঠানটোৰ সামৰণি মাৰে।