ৰঙিয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

ৰঙিয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

ডিজিটেল সংবাদ,ৰঙিয়াঃ “ যি ব্যক্তিয়ে মাতৃক আদৰ কৰে, সেৱা কৰে , তেনে কোনো ব্যক্তিয়ে মাতৃভাষাক কেতিয়াও অনাদৰ কৰিব নোৱাৰে”- এই মন্তব্য নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ভাস্কৰ ভট্টৰ ৷ যিয়ে মাতৃভাষাক অনাদৰ কৰে , তেও মাতৃকো অনাদৰ কৰে ৷ মাতৃদুগ্ধ যেনেকৈ শিশুৰ বিকাশৰ কাৰণে অতি প্ৰয়োজনীয় , ঠিক তেনেকৈ মাতৃভাষা শিশুৰ মানসিক বিকাশৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ৷ মাতৃভাষাক শ্ৰদ্ধাৰ নামত শ্ৰাদ্ধ পাতিব নালাগে ৷ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল)সাহিত্য সভা, কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত পালন কৰা “আন্তৰ্জাতিক মাতৃভাষা দিৱস” ত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় ভট্টই ৷ ভাষা হৈছে সম্পূৰ্ণৰূপে এটি ব্যৱহাৰিক ব্যৱস্থা ৷ এই ব্যৱস্থা বন্ধ হ’লেই ভাষাৰ লগতে জাতিটোও নিঃশেষ হৈ যাব বুলি কয় ।

অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাই আঁতধৰা মুকলি সভাখনত আদৰণি অভিভাষণ ৰাখে কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাহিত্য সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই ৷ অনুষ্ঠানটিত ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে অভ্যাগতসকলক আদৰণি জনাই উদ্যোক্তাসকলে ৷

মুকলি সভাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰঙিয়া শিক্ষা খণ্ডৰ উপ পৰিদৰ্শক মইনুল হক চৌধুৰীয়ে ৷ সভাখনত ভাষণ ৰাখে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰ, মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ প্ৰতীম ডেকা, শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰ কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা উপ সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন কলিতা, আহ্বায়ক হেমন্ত কুমাৰ , হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ উপদেষ্টা ধীৰেশ্বৰ ডেকা, সভাপতি হৰেশ্বৰ ডেকাই ৷

উল্লেখযোগ্য যে ভ্ৰাম্যভাষৰ জৰিয়তে সভাখনত শুভেচ্ছামুলক আৰু অতি তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখে অসম সাহিত্য সভাৰ সভাপতি , উপ সভাপতি আৰু প্ৰধান সম্পাদক ক্ৰমে পদ্মশ্ৰী ড° সূৰ্যকান্ত হাজৰিকা , ডা° গিৰীশ সন্দিকৈ আৰু ড° উপেন্দ্ৰজিৎ শৰ্মাই ৷ ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ আজীৱন সভ্য বিমলা দেৱী, কণমানি শিল্পী হিয়া হিমাশ্ৰী দাস, সঞ্জীৱ লহকৰ, ৰাজু কলিতাৰ গীতে সকলোকে মোহিত কৰে ৷ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত ছাত্ৰছাত্ৰী সকলে পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে সভা আৰম্ভণি কৰা হয় ৷

অনুষ্ঠানসূচীৰ পূৰ্বে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ সভাপতি জয়ন্ত জিত কলিতাই আৰু ভাষা সাহিত্যৰ প্ৰয়াত কাণ্ডাৰীসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলী অৰ্পণ কৰে প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰ, শিক্ষকদ্বয় ক্ৰমে জীতেন দাস আৰু বিনয় ভট্টই ৷

সাহিত্যকৰ্মী, সংবাদসেৱী তথা সাহিত্য সভাৰ আজীৱন সভ্য ভাস্কৰ কলিতা , নৰেশ্বৰ ৰাজবংশী, খাইৰুল হুছেইন, কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ , ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ কৰ্মকৰ্ত্তাসকল, শতাধিক ছাত্ৰছাত্ৰী তথা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰে ৷

সভাখনত ধন্যবাদসুচক বক্তব্য ৰাখে মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ কাৰ্যকৰী সভাপতি তথা সাহিত্য একাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰাই ৷ ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ সভাপতি জয়ন্ত জিত কলিতাই কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়োৱাৰ শেষত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানসূচীৰ সামৰণি পৰে ৷

ৰঙিয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
যোৰহাটত আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস আৰু আলি আঃয়ে লৃগাঙ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in