ৰাজকুমাৰ বৈশ্যক ৰাজ্যিক মানৱ অধিকাৰ পৰিষদৰ সাংগঠনিক সচিবৰ দায়িত্ব

ৰাজকুমাৰ বৈশ্যক ৰাজ্যিক মানৱ অধিকাৰ পৰিষদৰ সাংগঠনিক সচিৱৰ দায়িত্ব

author-image
Asomiya Pratidin
New Update
ৰাজকুমাৰ বৈশ্যক ৰাজ্যিক মানৱ অধিকাৰ পৰিষদৰ সাংগঠনিক সচিবৰ দায়িত্ব

ডিজিটেল সংবাদঃ জাতীয়তাবাদী শিবিৰৰ একনিষ্ঠ সেৱক তথা জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সচিব প্ৰধান শ্ৰী ৰাজকুমাৰ বৈশ্যক ৰাজ্যিক মানৱ অধিকাৰ পৰিষদৰ সাংগঠনিক সচিবৰ দায়িত্ব অৰ্পণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষই আজি বৈশ্যক এই দায়িত্ব অৰ্পণ কৰে। 

Advertisment

উল্লেখযোগ্য যে, জাতীয়তাবাদী শিবিৰৰ পিতৃস্বৰূপ প্ৰয়াত নিবাৰণ বৰাৰ লগত জীৱনৰ শেষৰ ১৪ বছৰকাল বৈশ্যই গুৰু-শিষ্য সম্পৰ্কৰে জাতীয়তাবাদী শিবিৰৰ বিভিন্ন কাম কৰিছিল। লগতে "সংবিধান পৰিবৰ্তনকামী সংগ্ৰাম কমিটী,অসম"ৰ মহাসচিবৰ দায়িত্বও পালন কৰিছিল। নিবাৰণ বৰা আছিল উক্ত কমিটীৰ অধ্যক্ষ।

ইয়াৰ উপৰিও বৰাৰ অধ্যক্ষতাত আৰু বৈশ্যৰ সম্পাদনাত অসমৰ খেতিয়ক সকলক সচেতন আৰু সংগ্ৰামশীল কৰি তুলিবলৈ "মাটিৰ মানুহ" নামৰ এখন পষেকীয়া বাৰ্তালোচনীও প্ৰকাশ হৈছিল। বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ১৯৯১ চনৰ পৰা আজিলৈকে বৈশ্যই শুদ্ধ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ হকে নিৰন্তৰ কাম কৰি আহিছে।

নিবাৰণ বৰাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে ২০১৮ চনত বৈশ্যই জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসম" নামেৰে এক সংগঠনৰ জন্ম দিছিল। সম্প্ৰতি বৈশ্যই পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ( পি এল পি) দলক আগৰ ৰূপত দাঙি ধৰাৰ উদ্দেশ্যে এক জাতীয় মহামেল অনুষ্ঠিত কৰা কামত ব্ৰতী হৈ আছে।

Also Read: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে...

International human rights council