সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত ‘আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস’ উদযাপনৰ প্ৰস্তুতি…

সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত ‘আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস’ উদযাপনৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত ‘আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস’ উদযাপনৰ প্ৰস্তুতি…

ডিজিটেল ডেস্ক : ৯ আগষ্ট পালন কৰা হয় 'আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস'। সেই হেতুকে অহা ৯ আগষ্ট, ২০২২ মঙলবাৰে সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত 'উত্তৰ-পূব খিলঞ্জীয়া গণমঞ্চ' আৰু খিলঞ্জীয়া মঞ্চ, অসম'ৰ উদ্যোগত আৰু স্থানীয় দল-সংগঠন তথা ৰাইজৰ সহযোগত 'আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস' উদযাপনৰ আয়োজন কৰা হৈছে।

Advertisment

দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই 'আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস'ত মুকলি সভাৰ বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰসংঘৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা, বিশিষ্ট নিবন্ধকাৰ আৰু সমালোচক ময়ূৰ বৰা, সাতভনী অঞ্চলৰ প্ৰতিখন ৰাজ্যৰ উত্তৰ-পূব খিলঞ্জীয়া গণ মঞ্চৰ প্ৰতিনিধি। আয়োজক মণ্ডলীয়ে সকলোৰে উপস্থিতি কামনা কৰিছে।

আৰু পঢ়ক : পতনৰ দিশে বাংলাদেশ! অনুসৰণ কৰিলে শ্ৰীলংকাক…

assam himanta biswa sarma sonapur 2022 International Day of the World's Indigenous Peoples