/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/kjkk.jpg)
ডিজিটেল সংবাদ ,যোৰহাট: দেশৰ কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হ'ব ।ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্য সংগ্ৰাহক সংস্থা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেভাৰেণ্ড বি এম পিউ গ্ৰন্থাগাৰৰ যুটীয়া উদ্যোগত ২৮ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব ।
আমেৰিকা , কানাডাকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অনলাইনযোগে এই সন্মিলনত অংশ গ্ৰহণ কৰিব। সন্মিলনত ' কৃষি গ্ৰন্থাগাৰত উদ্ভাৱন,বৃদ্ধি আৰু বহনক্ষমতা' শীৰ্ষক বিষয়ত দেশ বিদেশৰ প্ৰতিনিধিয়ে ৭৫ খনৰো অধিক গৱেষণা পত্ৰ পাঠ কৰিব । ইয়াৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত হ'ব । ২৮ এপ্ৰিলৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই মুখ্য অতিথি হিচাপে আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।
ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্যসংগ্ৰাহক সংস্থাৰ সভাপতি তথা আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গ্ৰন্থাগাৰিক ড° বিৰাণ জানে ইউলুৱেও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব । ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুখ্য গ্ৰন্থাগাৰিক ড° চন্দন হাজৰিকাক সভাপতি আৰু অসম কৃষি বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উপ গ্ৰন্থাগাৰিক হেমন্ত কুমাৰ গোঁহাইক সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিয়ে আন্ত:ৰাষ্ট্ৰীয় সন্মিলনখনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
আৰু পঢ়ক: কাজলগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জিলা কৃষক মেলা