৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া বোলছবি ‘ব্ৰিজ’ …

৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া বোলছবি ‘ব্ৰিজ’ …

author-image
asomiyapratidin
New Update
৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া বোলছবি ‘ব্ৰিজ’ …

ডিজিটেল সংবাদ নাৰায়ণপুৰ: অহা ৪ ফেব্ৰুৱাৰীত অসমৰ চিত্ৰগৃহত মুক্তিলাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া বোলছবি 'ব্ৰিজ' । নাৰায়ণপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ছবিখনৰ পৰিচালক কৃপাল কলিতাই । সংবাদমেলখনৰ জৰিয়তে চলচ্চিত্ৰপ্ৰেমী ৰাইজক ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাই । উল্লেখ্য যে ৫১ সংখ্যক ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম খন অসমীয়া ছবিৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

Advertisment

ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত অৱতীৰ্ণ হোৱা ব্ৰিজে এতিয়ালৈকে ১০ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় । ৰমা কুমাৰ দাস আৰু সবিতা দেবী প্ৰযোজিত ছবিখনে ইতিমধ্যে ৩৮ টাতকৈও অধিক আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । কৃষ্টি পথাৰৰ বেনাৰত নিৰ্মিত পূৰ্ণ দৈৰ্ঘ্যৰ ছবি 'ব্ৰিজ' ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ । ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই ।

সংবাদমেলখনত পৰিচালক গৰাকীৰ লগতে মূল অভিনেত্ৰী শিৱাৰাণী কলিতা,অভিনেতা স্বপ্নীল নাথ,অন্যতম শুভাকাংক্ষী তথা সাংস্কৃতিক কৰ্মী মৃনাল দত্ত,নীপ দত্ত,জ্যেষ্ঠ সাংবাদিক কৰোণাকৃষ্ণ নাথ প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকে ।