কোকৰাঝাৰত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন, আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী ‘আছা’ৰ…

কোকৰাঝাৰত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন, আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী ‘আছা’ৰ…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন, আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী ‘আছা’ৰ…

প্ৰতিদিন ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই কোকৰাঝাৰত বিশাল সমদল উলিয়াই। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ পৰা কোকৰাঝাৰৰ শিশু উদ্যানলৈ উলিওৱা উক্ত সমদলটোত অংশগ্ৰহণকাৰীসকলে হাতে হাতে পৰস্পৰাগত ধনুকাড়, ঢোল লৈ নৃত্য-গীত কৰি শোভাযাত্ৰাত অংশ লয় ।

Advertisment

তদুপৰি অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, আমাৰ দাবী ন্যাৰ্য দাবী, এচটি আমাক লাগিবই আদি শ্ল'গান দিয়াৰ উপৰিও আদিৱাসীসকলৰ পৰম্পৰাগত নৃত্য-গীত-মাতেৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাই কাৰ্যসূচীৰ অন্তত জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ দাবীত এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বুলি মন্তব্য কৰে।

আনহাতে, জনজাতিকৰণ আদিবাসীসকলৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ বুলি মন্তব্য কৰে লাক্ৰাই । তদুপৰি অসমৰ আদিবাসী সকলক জনজাতিৰ স্বীকৃতি দিয়াৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাই ।

আৰু পঢ়ক : বিহাৰত পতন হ'ল এন ডি এৰ চৰকাৰ !

assam asa kokrajhar