ইন্টাৰচিটি এক্সপ্ৰেছে মহতিয়াই নিয়ে যাত্ৰীবাহী বলেৰ', কথমপি প্ৰাণ ৰক্ষা দুগৰাকী লোকৰ...

author-image
Asomiya Pratidin
New Update
ইন্টাৰচিটি এক্সপ্ৰেছে মহতিয়াই নিয়ে যাত্ৰীবাহী বলেৰ', কথমপি প্ৰাণ ৰক্ষা দুগৰাকী লোকৰ...

ডিজিটেল সংবাদ, লামডিং : ডিমাপুৰৰ গোলাই বস্তুি উন্মুক্ত ৰেল পথ অতিক্ৰম কৰোতে নামনিমুৱা ইন্টাৰচিটি এক্সপ্ৰেছে মহতিয়াই নিয়ে যাত্ৰীবাহী বলেৰ', কথমপি প্ৰাণ ৰক্ষা দুগৰাকী লোকৰ ৷

Advertisment

১৫৬০৪ নামনিমুৱা লিডু গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দা ডিমাপুৰৰ ৰঙাপাহাৰৰ গোলাই বস্তুিৰ উন্মুক্ত ৰেল ক্ৰচিং অতিক্ৰম কৰা এখন যাত্ৰীবাহী বলেৰ' বাহনত,কথমপি প্ৰাণ ৰক্ষা যাত্ৰীবাহী বলেৰ' বাহন খনৰ দুগৰাকী আৰোহীৰ ৷

উন্মুক্ত ৰেল পথটো অতিক্ৰম কৰিবলৈ লোৱা সময়ত NL 07 C 2874 নম্বৰৰ যাত্ৰীবাহী বলেৰ' বাহন খনৰ যান্ত্ৰিক বিজুতি ঘটি ৰেল পথৰ ওপৰতে ষ্টাৰ্ট বন্ধ হয় পৰে । আনফালে নামনিমুৱা ৰেল খন ডিমাপুৰ জংচনৰ পৰা গুৱাহাটীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল । ৰেল খন কাষ চাপি অহা সময়ত বলেৰ' বাহন খনৰ পৰা যাত্ৰী দুগৰাকী বাহন খনৰ পৰা নামি যাব সক্ষম হয় ৷ সম্প্ৰত্তি ডিমাপুৰৰ পৰা ৰেল আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

assam lumding