বোকাজানত ৩৪ সংখ্যক আন্তজিলা ছাব - জুনিয়ৰ ভলীবল প্ৰতিযোগিতা...

বোকাজানত ৩৪ সংখ্যক আন্তজিলা ছাব - জুনিয়ৰ ভলীবল প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, বোকাজান : অসম ভলীবল সন্থাৰ উদ্যোগত আৰু বোকাজান ক্ৰীড়া সন্থাৰ সহযোগত ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে ৩৪ সংখ্যক আন্তজিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা খনি অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত পাঁচখনকৈ কৰ্ট সাজু কৰি তোলাৰ লগতে আনুষংগিক অন্যান্য প্ৰস্তুতিও সম্পূৰ্ণ কৰি তোলা হৈছে ৷ অসম ভলীবল সন্থাই জনোৱা মতে সন্থাৰ পঞ্জীয়নভূক্ত প্ৰায় ৬০ টা লৰা আৰু ছোৱালীৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰণ কৰাৰ লগতে ৭০০ খেলুৱৈৰ সমাগম হ'ব প্ৰতিযোগিতাখনিত ৷

২৬ ডিচেম্বৰত পুৱা অনুষ্ঠিত হ'ব লগীয়া উদ্বোধনী অনুষ্ঠানত অসম ভলীবল সন্থা আৰু বোকাজান ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি সুশান্ত বিশ্ব শৰ্মা আৰু মাধুৰ্য্য ঢেকীয়াল ফুকনে ৷স্মৃতি তৰ্পণ কৰিব অসম ভলীবল সন্থাৰ সম্পাদক প্ৰকাশ বৰাই ৷ প্ৰতিযোগিতা খনি উদ্বোধন কৰিব আন্তৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অভিজিত ভট্টাচাৰ্যই ৷ এই অনুষ্ঠানতে অৰ্জুন বঁটা প্ৰাপক নয়নমণি শইকীয়া,পৰ্বতাৰোহী খৰছিং তেৰাং , জুদু খেলুৱৈ পূজা বসুমতাৰী ,জ্যাভলিন খেলুৱৈ প্ৰমোদ হাগজেৰ,ফুটবল খেলুৱৈ মেঘাস্মিতা ক্ৰপী আৰু ক্ৰীড়া সংগঠক কাংবুৰা তিমুংক বোকাজান ক্ৰীড়া সন্থাই বিশেষভাৱে সম্বৰ্ধনা জনাব ৷

উদ্বোধনী অনুষ্ঠানত বিশটাৰো অধিক সাংস্কৃতিক দলে অসমৰ বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in