/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/4l86mf1m/c12f5b6d-205c-48e0-846d-3fcbde860194.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱখনি বৃহস্পতিবাৰৰ পৰা ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। তিনিদিনীয়াকৈ অৰ্থাৎ ৩,৪ আৰু ৫ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া যুৱ মহোৎসৱৰ তিনিখনকৈ পতাকা পুৱা উত্তোলন কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতাকা অধ্যাপক উৎপল শৰ্মাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ পতাকা ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড° ৰঞ্জন কাকতিৰ উপৰি ৰঙিয়া মহাবিদ্যালয়ৰ পতাকা অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/cbfr3h8r/a738951a-7891-4ff6-960a-814f5496c359.jpg)
২৭ খন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে আৰম্ভণিতে মহাবিদ্যালয়ৰ প্ৰাংগনত উপস্থিত হৈ নিজৰ নাম পঞ্জীকৰণ হয়। ইয়াৰ পিছতে দিনৰ ভাগত মহাবিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰেক্ষাগৃহত উদ্বোধনী কাৰ্যসূচীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ডেকাই বন্তি প্ৰজ্বলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/rtyaf09t/a943c73a-9573-4767-bab9-2caf6a15b10f.jpg)
সাংসদ দিলীপ শইকীয়াই যুৱ মহোৎসৱত প্ৰথম দিনা কাৰ্যসূচীত অনুষ্ঠিত হৈ বিভিন্ন প্ৰতিযোগিতাৰ পৰিৱেশত স্মৃতিময় হৈ যুৱ মহোৎসৱৰ সৃষ্টিশীল প্ৰতিভাৰ কথা আগবঢ়ায়। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক উৎপল শৰ্মাই যুৱ মহোৎসৱৰ প্ৰাসংগিকতা আৰু ইতিবাচক দিশৰ ওপৰত ভাষণ ৰখাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই উদ্বোধনী ভাষণত মহাবিদ্যালয়সমূহৰ সৃজনীশীল প্ৰতিভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ ধাৰা সম্পৰ্কে শুভেচ্ছামূলক ভাষণ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/fsqufaua/105112a8-7f3a-4568-b19a-a951d259bc28.jpg)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ২৭ খন মহাবিদ্যালয়ৰ পৰা অহা ৫৫০ প্ৰতিযোগীয়ে বিভিন্ন প্ৰতিযোগিতাৰ মুঠ ৩৬টা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ সম্পাদক ড° হৃষীকেশ চৌধুৰীয়ে জনায়। উল্লেখ্য যে যুৱ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কুইজ প্ৰতিযোগিতা, সুকুমাৰ কলা বিভাগৰ প্ৰতিযোগিতা, নাটক, মুকাভিনয়, বৰগীত, লোকনৃত্য প্ৰদৰ্শন আদি অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/az97nqc9/ff2fce94-e5b8-4e78-9bc0-895e19c1e7a4.jpg)
বৰগীত লোকনৃত্য আদি প্ৰতিযোগিতাত বিচাৰক হিচাপে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ লগতে কুইজ প্ৰতিযোগিতাৰ কুইজ মাষ্টাৰ হিচাপে সাংবাদিক দিপাংকৰ কৌশিকে পৰিচালনা কৰে। ইফালে যুৱ মহোৎসৱৰ সময়তে বিটি আৰ চীফ প্ৰমোদ বড়োৱে উপস্থিত হৈ স্নাতকোত্তৰ শাখাত কেৰিয়াৰ প্ৰতিষ্ঠান ভৱনটি শুভ উদ্বোধন কৰে।
অন্যহাতে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মণ্ডলৰ অন্তৰ্গত কামৰূপ, কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহে অংশগ্ৰহণ কৰা যুৱ মহোৎসৱখনি সাফল্যমণ্ডিত কৰিবলৈ উপস্থিত থাকি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে আয়োজক সমিতিয়ে কামনা কৰিছে। মহাবিদ্যালয়ৰ প্ৰাংগনত যুৱ মহোৎসৱ কাৰ্যসূচীৰ দ্বিতীয় আৰু তৃতীয় দিনা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
Also Read: নগাঁও বিশেষ পক্স' আদালতৰ ৰায়দান : কিশোৰী নিৰ্যাতনৰে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড