/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/909f492b-c3a2-4c46-9e5d-a07e14118199/batadrava.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে বৃহস্পতিবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন কৰে।
এই পৰিদৰ্শন কালত অসম বিধানসভাৰ সদস্য ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, ৱাজেদ আলি চৌধুৰী, বসন্ত দাস, কমলাক্ষ্য দে পুৰকায়স্থ, উৎপল বৰা, চক্ৰধৰ গগৈ, গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীকে আদি কৰি ৮ গৰাকী বিধায়কে বটদ্ৰৱা সমষ্টিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মান বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰে।
ইয়াৰ উপৰিও বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ হৈ থকা ১৮৮ কোটি টকাৰ বটদ্ৰৱা প্ৰকল্পৰ কাম কাজো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালতে সমিতিৰ সদস্য সকলে বটদ্ৰৱা থানত প্ৰৱেশ কৰি কীৰ্তনঘৰত সেৱা লৈ সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে।
সমিতিৰ হৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নগাঁও জিলাৰ বিভিন্ন বিভাগৰ কাম কাজ সুকলমে হৈছে নে নাই এই সমূহ পৰিদৰ্শন কৰা হ'ব বুলি প্ৰকাশ কৰে। লগতে তেওঁ মন্তব্য কৰে যে বটদ্ৰৱা থানত চলি থকা কাম সমূহ আমি পৰিদৰ্শন কৰিছো। নগাঁও জিলাত অংগনবাড়ী কেন্দ্ৰত যি ধৰণে পৰিপাটি হ'ব লাগে, এই ক্ষেত্ৰত কিছু আসোঁৱাহ আছে, আমি আসোঁৱাহ দেখা পাইছো।
পৰৱৰ্তী সময়ত ততাতৈয়াকৈ বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই আহি সংগ দিয়ে সমিতিৰ সদস্য সকলক।