অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতা শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

অসম ডনবস্ক’  বিশ্ববিদ্যালয়ত উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতা শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

ডিজিটেল ডেস্কঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ টেপেচিয়া প্ৰাংগণত ৯ আৰু ১০ এপ্ৰিলত উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ বিদ্যালয়সমূহৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে “উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতা” [Innovation, Design and Entrepreneurship (IDE)] শীৰ্ষক এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (এআইচিটিই), শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এমআইচি), কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই) আৰু ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)ৰ যৌথ পদক্ষেপত এই প্ৰশিক্ষণ অনুষ্ঠিত হয় ।

দুদিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰটোত স্কুল ইনোভেচন কাউন্সিল, কনটেষ্ট, জুনিয়ৰ হেকাথন, এ টি এল ইনোভেচন চেলেঞ্জ আৰু পি এম এছ এইচ আৰ আই স্কুলৰ অধীনত উৎসাহী অংশগ্ৰহণকাৰীসকলে ৰূপাঙ্কণৰ চিন্তাধাৰা, ব্যৱসায়ৰ সম্পৰ্কীয় অভিজ্ঞতাভিত্তিক শিক্ষণ গ্ৰহণ কৰে ।

এই প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ২০০ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে মাধ্যমিক শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ উদ্ভাৱক আৰু উদ্ভাৱন ৰাষ্ট্ৰদূতসকলৰ উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতাৰ দক্ষতাক প্ৰশিক্ষণৰ জৰিয়তে আগুৱাই লৈ যোৱা ।

এই দুদিনীয়া শিবিৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ময়ুৰ বৰকাৰ, আৰোহণ ফুডছৰ অনাবিল গোস্বামী, অৰিন্দম হাজৰিকা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰৰ ড° সুমিত ভৌমিক, ট্ৰানছ ভাৰ্চুৱেল প্ৰাইভেট লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক বিশ্বজিত হাজৰিকা, ৱাধৱানি ফাউণ্ডেচনৰ বিষ্ণুপ্ৰিয়া বিষ্ণুপ্ৰসাদ আৰু ড° আৰ সুজাতাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি উদ্ভাৱন, ৰূপাঙ্কণ, আৰু উদ্যমিতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে । ১০ এপ্ৰিলত শিক্ষাৰ্থীসকলে প্ৰশিক্ষণ শিবিৰটোত লাভ কৰা অভিজ্ঞতা প্রকাশ কৰে ।

অসম ডনবস্ক’  বিশ্ববিদ্যালয়ত উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতা শীৰ্ষক প্ৰশিক্ষণ শিবিৰ
মথুৰাপুৰৰ ভূপেন গগৈ হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা বাদ্যই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in