Advertisment

কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

ভাৰতত আভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰ আৰু নীতিগত তথা বিভিন্ন কাৰিকৰী আৰু আনুষংগিক আলোচনাৰ বাবে কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত আভ্যন্তৰণীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

ডিজিটেল ডেস্কঃ ভাৰতত আভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰ আৰু নীতিগত তথা বিভিন্ন কাৰিকৰী আৰু আনুষংগিক আলোচনাৰ বাবে কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জলপথৰ বিকাশৰ বাবে দায়বদ্ধ ন'ডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আয়োজন কৰা পৰিষদৰ দ্বিতীয় বৈঠকত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৫০,০০০ কোটিতকৈও অধিক বিনিয়োগৰ কথা ঘোষণা কৰা হৈছে।

Advertisment

আজি কাজিৰঙাত ২১ খন ৰাজ্যৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ বাবে ১,৪০০ কোটিতকৈও অধিক মূল্যৰ নতুন পদক্ষেপ ঘোষণা কৰা হয়। বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

কাজিৰঙাত আভ্যন্তৰণীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

বৈঠকত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, গোৱাৰ বন্দৰ মন্ত্ৰী এলেক্স' ছেকুয়েৰা, অসমৰ পৰিবহণ মন্ত্ৰী যোগেন মহন, মণিপুৰৰ পৰিবহণ মন্ত্ৰী খাছিম ভাশুম, জম্মু-কাশ্মীৰৰ পৰিবহণ মন্ত্রী সতীশ শর্মা, মিজোৰামৰ পৰিবহণ মন্ত্রী বনলাল্ল্‌হলানা আৰু অৰুণাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী অজিং টেছিং প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় জলপথৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ, দক্ষতা বৃদ্ধি, যুৱপ্ৰজন্মক প্রশিক্ষণ প্রদান আৰু নদীকাষৰীয়া সম্প্রদায়সমূহৰ নদীৰ পৰম্পৰাগত জ্ঞান উন্নত কৰাৰ বাবে নদীকেন্দ্রিক জনগণৰ সামূহিক উন্নয়ন আঁচনিৰ ৰূপত এক গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপ ৰখা হৈছে।

উপকূলীয় সম্প্ৰদায়ৰ বিকাশৰ সৈতে সংগতি ৰাখি নদীকেন্দ্ৰিক জনগণৰ সামূহিক উন্নয়ন প্রকল্প ৰূপায়ণ হ'ব। সামুদ্রিক খণ্ডত দক্ষ জনশক্তি বৃদ্ধিৰ বাবে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি সোণোৱালে উল্লেখ কৰে।

কাজিৰঙাত আভ্যন্তৰণীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

কোচিনৰ ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ আর্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ'ব বুলিও সোণোৱাল উল্লেখ কৰে। ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ), ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰু ভাৰত-বাংলাদেশ প্রট'কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ'ব- সর্বানন্দ সোণোৱালে আজি উল্লেখ কৰে।

শীঘ্রেই অধিক ৰাষ্ট্ৰীয় জলপথৰ বাবে পাণ্ডুত নির্মীয়মান জাহাজ মেৰামতি কেন্দ্ৰৰ দৰে জাহাজ মেৰামতিৰ সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও সর্বানন্দ সোণোৱালে কয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাষ্ট্ৰীয় নদী ট্রেফিক আৰু নেভিগেচন প্রণালী নির্দেশনা মুকলি কৰে।

সৰ্বানন্দ সোণোৱালে আভ্যন্তৰীণ জলপথ পৰিবহণ বৃদ্ধিৰ বাবে বিভিন্ন ৰাজ্যত ৬২টা নতুন জেটি ঘোষণা কৰে। যাত্ৰীৰ সুচল চলাচলৰ বাবে সকলো কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথত কুইক পন্টুন অপেনিং মেকানিজম (কিউপিঅ'এম) স্থাপন কৰা হ'ব। নতুন ৰাষ্ট্ৰীয় জলপথ উন্নয়ন আৰু সেউজ জাহাজ পৰিবহণৰ বাবে ২৩,০০০ কোটিৰো অধিক পুঁজি ধাৰ্য কৰা হ'ব বুলি সোণোৱালে উল্লেখ কৰে।

কাজিৰঙাত আভ্যন্তৰণীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, "বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অপাৰ শক্তি-সম্ভাৱনাক অফুৰন্ত সুযোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সফল হৈছোঁ। ২০১৪ চনলৈকে আমাৰ দেশৰ জলপথ খণ্ডত মাল পৰিচালনা কৰাৰ পৰিমাণ আছিল কেৱল ১৮.১ মেট্রিক টন, ২০১৪ চনৰ পাছত এই পৰিমাণ বৃদ্ধি পালে ১৩৩ মিলিয়ন টনলৈ। ২০১৪ চনৰ পূৰ্বে দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত মাত্র ১৫০০ কোটি টকা বিনিয়োগ হৈছিল, তাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ আভ্যন্তৰীণ জলপথ খণ্ডত ৭০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।

কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত ১৪০০ কোটি টকাতকৈও অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভ/ঘোষণা কৰা হ'ল। মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে তেখেতক এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। জলপথৰ জৰিয়তে নৱনিৰ্মাণ, দেশৰ প্ৰগতিত নতুন প্ৰাণ সঞ্চাৰ কৰাৰ দিশত এই পৰিষদীয় বৈঠকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আগন্তুক ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত ৫০,০০০ কোটি টকাৰ পুঁজি বিনিয়োগ কৰা হ'ব। তদুপৰি আগন্তুক ৫ বছৰত ১০০০ খন জাহাজক সেউজ জাহাজলৈ ৰূপান্তৰিত কৰা হ'ব, যিয়ে ত্বৰান্বিত কৰিব পৰিৱেশ অনুকূল জল পৰিবহণ ব্যৱস্থাক। অসমৰ জল পৰিবহণ ব্যৱস্থাক এক নতুন গতি প্রদানেৰে কোচিনত সূচনা হোৱা চহৰীয়া মেট্র' জল পৰিবহণ ব্যৱস্থাৰ আর্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত এই অভিনৱ ব্যৱস্থা আৰম্ভ কৰা হ'ব। তদুপৰি যুৱপ্ৰজন্মৰ মাজত সামুদ্রিক খণ্ডৰ দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্রুগড়ত আঞ্চলিক উৎকর্ষতাৰ কেন্দ্ৰ মুকলি কৰা হ'ব।

কাজিৰঙাত আভ্যন্তৰণীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক সম্পন্ন...

আমি নদীকেন্দ্রিক সামূহিক উন্নয়নতো বিশেষ অগ্ৰাধিকাৰ দিছোঁ। ২১ খন ৰাজ্যৰ মন্ত্রী, প্রতিনিধিৰে মুখৰিত হৈ উঠা আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন অধিৱেশনে জল পৰিবহণ খণ্ডৰ উত্তৰণৰ বাবে নতুন চিন্তা-চর্চা, শক্তি-সম্ভাৱনাৰ পথ প্রশস্ত কৰিব। বিকশিত ভাৰতৰ গতি ত্বৰান্বিত কৰাত বিকশিত জলপথে সবল ভূমিকা গ্ৰহণ কৰি যাব।"

আজি ঘোষণা কৰা বিভিন্ন প্ৰকল্পৰ ভিতৰত আছে- ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনর্নির্মাণ, অসমৰ ৪টা স্থানত পর্যটক টার্মিনেলৰ বিকাশ, ডিব্ৰুগড়ৰ আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ নিৰ্মাণ, পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰপৰা পাণ্ডু বন্দৰলৈ সংযোগী পথৰ নির্মাণ, ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী) টার্মিনেলৰ বাবে ২টা ষ্টীল পল্টুন স্থাপন, ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) তচলাচলৰ বাবে ১২ খন জাহাজ ক্ৰয় আৰু বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, "যোৱা ১৫ ডিচেম্বৰ ২০২৪ তাৰিখে কলকাতাৰ পৰা আমি ফ্লে-অফ কৰা কলকাতা-পাণ্ডু সংযোগী জাহাজ সেৱাই ইতিমধ্যে সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। এই জলবাহক আঁচনিয়ে ৯৫.৪ কোটি টকা ব্যয়সাপেক্ষে দেশৰ জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল'মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল'মিটাৰ কাৰ্গৰ প্ৰায় ১৭ শতাংশ। 

জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূর্ণ আঁচনি 'জলবাহক'এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্রহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব। প্রথমখন জাহাজ দুখন ডাম্ব বার্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্রিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত-বাংলাদেশ প্রট'কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ইতিমধ্যে সফলতাৰে ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে। যি হৈছে ৭৫০ খন ট্রাকে কঢ়িয়াই আনিব পৰা সামগ্ৰীৰ সমান।

জলপথৰ সমৃদ্ধিৰ দ্বাৰা স্থলপথসমূহত যাতায়াতৰ চাপ হ্রাস পাব, ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব আৰু পৰিৱেশ তথা সেউজ অনুকূল পৰিবহণ ত্বৰান্বিত হ'ব।" কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত আজি পৰিষদৰ বৈঠকত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক প্রতিনিধিসকলৰ মাজত ৰাজ্যিক সমর্থন চুক্তি স্বাক্ষৰিত হয়।

কাজিৰঙা সৰ্বানন্দ সোণৱোলা ড০ হিমন্ত বিশ্ব শৰ্মা