নগাঁৱত আপৰ বিষয়-ববীয়ালৈ চিঞাহী নিক্ষেপ...

নগাঁৱত আপৰ সভাত অঘটন ৷ ৰাজনৈতিক দল আপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দুই বিষয় ববীয়ালৈ চিঞাহী নিক্ষেপ ৷

author-image
Asomiya Pratidin
New Update
নগাঁৱত আপৰ বিষয়-ববীয়ালৈ চিঞাহী নিক্ষেপ...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত আপৰ সভাত অঘটন ৷ ৰাজনৈতিক দল আপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দুই বিষয় ববীয়ালৈ চিঞাহী নিক্ষেপ ৷

Advertisment

দুজন যুৱকে মটৰ চাইকেলত আহি আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্ত বৰা আৰু ৰাজ্যিক প্ৰতিনিধি সব্যসাচী বৰালৈ চিঞাহী নিক্ষেপ কৰে ৷ দুয়োজনৰ শৰীৰত অতৰ্কিতে অজ্ঞাত যুৱক দুজনে সন্মূখৰ পৰা চিঞাহী দলিয়াই ৷

উল্লেখ্য যে, আপৰ দলটোয়ে নগাঁও জিলা পুথিভড়ালত আয়োজন কৰিছিল প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ কাৰ্যসূচীলৈ আমন্ত্ৰিত অতিথিক আভ্যৰ্থনা জনাবলৈ সব্যসাচী বৰা আৰু যুগান্ত বৰা পথৰ কাষত ৰৈ থকা সময়তে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো ৷

আৰু পঢ়ক : অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব 'বিগ বি'ৰ নাম, ফটো, কণ্ঠস্বৰ...

assam NOGAON aam aadmi party