কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ শণিবাৰে বিয়লি তিনিচুকীয়া জিলাৰ কাকপথাৰ এলেকাৰ লাজুম গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত জিন্তু মৰাণ নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ গুলীত আহত হয় । বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানত আন তিনি জন সৰবৰাহকাৰী পলায়ন কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Advertisment

অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে । ড্ৰাগছখিনিৰ মূল্য কেইবা লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে সদৰি কৰিছে । আৰক্ষীৰ গুলীচালনাত সোঁ ভৰিত গুলী লাগি আহত হোৱা জিন্তু মৰাণক প্ৰথমে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰি পিছলৈ উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

জিন্তু মৰাণৰ ঘৰ টঙনা থানা এলেকাৰ হাতীগড়ত বুলি জনা যায় । ইফালে ঘটনাস্থলীত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা সহিতে এটা বৃহৎ আৰক্ষী, কমাণ্ডো আৰু বীৰাংগণাৰ দলে তিনি পলাতক সৰবৰহকাৰীৰ সন্ধানত নামি পৰিছে । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক (প্ৰবেছনাৰ) পাৰ্থ প্ৰতীক দুৱৰাৰ নেতৃত্বত এই সফল অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

assam govt hbs tinsukia police Assam police