/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/hhhh.jpg)
ডিজিটেল সংবাদ,নগাঁও : কৰ্মৰত অৱস্থাত বন্য হস্তী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ সম্প্ৰতি অকামিলা হৈ পৰা নগাঁও জিলাৰ ননৈ তেলিয়াগাঁও অঞ্চলৰ শিৱদেৱ শৰ্মা নামৰ বনকৰ্মীজন তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ লগতে পৰিয়ালটো অসহায় হৈ পৰিছে।
উল্লেখ্য যে হোজাই জিলাৰ লংকা আঞ্চলিক বন কাৰ্যালয়ত ফিক্সডপেত কৰ্মৰত বন কৰ্মী শিৱদেৱ শৰ্মাই বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ নিশা লংকাৰ খাৰিখানাৰ বিলগাঁৱত প্ৰবেশ কৰা বন্য হস্তীৰ দল এটাক খেদিবলৈ গৈ এজনী মাখুন্দী হাতীৰ আক্ৰমণৰ বলি হয়।
হাতীৰ আক্ৰমণত হাত, ভৰি আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্রাপ্ত বনকৰ্মী শিৱদেৱ শৰ্মাক বনবিভাগৰ লোকে ততাতৈয়াকৈ হোজাইৰ হাম হস্পিতালত ভৰ্তি কৰায় । উক্ত হস্পিতালত প্ৰায় ২ লাখ ৭৫ হেজাৰ টকা ব্যয় কৰি পৰিয়ালৰ লোকে বনকৰ্মী শৰ্মাক চিকিৎসা কৰোৱাই যদিও তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠিল। সেয়ে পৰিয়ালৰলোকে বনকর্মী শৰ্মাক চলিত বৰ্ষৰ জানুৱাৰী মাহত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। শৰ্মাৰ ভৰিৰ অস্ত্ৰোপচাৰত এক লাখ টকা ব্যয় হয়। আনহাতে ইমানখিনি চিকিৎসাৰ পাচতো বনকৰ্মী শৰ্মা বৰ্তমানেও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ।
ৱাকাৰৰ সহায় নোলোৱাকৈ তেওঁ চলাফুৰা কৰিব নোৱাৰে। আনহাতে বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকর্মী শিৱদেৱ শৰ্মাৰ চিকিৎসাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁৰ লগতে পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰে । আনকি বনবিভাগৰ কোনো শীৰ্ষ বিষয়া ঘৰলৈ আহি আহত বনকৰ্মীজনৰ খবৰ এটাও কৰা নাই বুলি তেওঁৰ পৰিয়ালৰ লোকে আক্ষেপ কৰে। আহত বনকর্মী জনৰ চিকিৎসা ব্যয় বহন কৰি জুৰুলা হৈ পৰা পৰিয়ালটোৱে চিকিৎসা সাহাৰ্য বিচাৰি হোজাই বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত আবেদন কৰে যদিও বন সংমণ্ডল বিষয়াই এই ক্ষেত্ৰত কোনো ধৰনৰ সঁহাৰি জনোৱা নাই বুলি শৰ্মাৰ পৰিয়ালে জানিবলৈ দিয়ে ।
সেয়ে উপায়ন্তৰ হৈ বনকর্মী শিৱদেৱ শৰ্মাৰ পৰিবাৰে আজি নগাঁও জিলা বন সংমণ্ডল বিষয়াক তেওঁৰ স্বামীৰ চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সাহাৰ্যৰ ব্যৱস্হা কৰি দিৱৰ বাবে অনুৰোধ জনায় । নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ গৈ বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকর্মীজনক বনবিভাগে চিকিৎসাৰ ক্ষেত্ৰত কেনেধৰনে সাহাৰ্য প্ৰদান কৰে সেয়া লক্ষনীয় হ'ব।
আৰু পঢ়ক: ৰুষ্ট প্ৰকৃতি, অসহায় মানৱ! ক'ত পাব নিৰাপদ স্থান, সকলো পানীৰ তলত…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us