/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/road.png)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বলেৰ'ৰ খুন্দাত ভাঙি চুৰমাৰ হয় এখন যাত্ৰীবাহী টেম্পো ৷
টেম্পোখনৰ নম্বৰ হৈছে এ এছ ০২ এ চি ৯৪১৪ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে গৰ্ভৱতী মহিলাসহ আন তিনিজন লোক৷
আহত লোককেইজনক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গৰ্ভৱতী মহিলাগৰাকী সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷
আৰু পঢ়ক: নগাঁৱত কলেজ অৱ এডুকেশ্বনত গ্ৰন্থ উন্মোচন