“সেউজীয়া আৰু পৰিষ্কাৰ গাওঁ” গঢ়ি তোলা প্ৰয়াস, চৰাইদেউত পুৱাই হাতে হাতে ঝাড়ুলৈ এজাক মহিলাৰ চাফাই অভিযান

author-image
Asomiya Pratidin
New Update
“সেউজীয়া আৰু পৰিষ্কাৰ গাওঁ” গঢ়ি তোলা প্ৰয়াস, চৰাইদেউত পুৱাই হাতে হাতে ঝাড়ুলৈ এজাক মহিলাৰ চাফাই অভিযান

ডিজিটেল সংবাদ, চৰাইদেউ : "য’ত পৰিস্কাৰ তাতেই সংস্কাৰ"- ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱৰ্তন কৰা ক্লীন এণ্ড গ্ৰীন ভিলেজ শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ গাঁৱক আদৰ্শ গাঁও হিচাপে পৰিস্কাৰ-পৰিছন্ন আৰু সেউজ কৰি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰি তোলাৰ লক্ষ্যৰে সোমবাৰে চৰাইদেউ জিলাৰ চুকাফা গাঁও পঞ্চায়ত অধীনস্থ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত এলেকাত এক চাফাই অভিযান চলোৱা হয় ৷

Advertisment

এই উপলক্ষে পুৱাই এজাক মহিলাই হাতে হাতে ঝডুলৈ মৈদাম ক্ষেত্ৰৰ আশেপাশে গ্ৰামাঞ্চল লগতে মৈদামলৈ প্ৰবেশ পৰা শৰণীয়া আলিৰ দুয়ো কাষে চাফ চিকুণ কৰি অঞ্চলটো সেউজীয়া আৰু পৰিষ্কাৰ পৰি তোলা প্ৰয়াস কৰে ৷ লগতে বাঁহৰ ডাষ্টবিন সাজি অঞ্চলটোৰ বিভিন্ন স্থাপন কৰি ৰাজহুৱা এলেকা তথা আলি-পদুলি স্বচ্ছতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনাই ৷

Also Read: কোন বহিব কৰ্ণাটকৰ ৰাজসিংহাসনত ? আজি নিৰ্ণয় হ'ব মুখ্যমন্ত্ৰীৰ নাম

charaideo