/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/52aae639-0ffb-4738-9dd3-5495713e7a9b/Kekuhap.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত ভাৰত ভুটান সীমান্তৰ গুৱাবাৰীত শণিবাৰে এটি কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, পুৱা স্থানীয় লোকে গাঁৱখনৰ প্ৰাথমিক বিদ্যালয় চৌহদত এটি কেঁকো সাপ চৰি থকা প্ৰত্যক্ষ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d3310df9-84df-4c25-9b2d-cd678f92de19/WhatsApp_Image_2023_05_13_at_10_16_28_AM.jpeg)
লগে লগে কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জত খবৰ দিয়ে স্থানীয় ৰাইজে ৷ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন বড়োৰ নেতৃত্বত এটি দল ঘটনাস্থলীত উপস্থিত হয় ৷ সীমান্তৰ ২৪ নং এছ এছ বিৰ বেটেলিয়নৰ দল এটিও উপস্থিত হোৱাত এছ এছ বিৰ সহযোগত কেকো সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bb322ccf-9523-4ac5-ba5d-7671308f35e4/WhatsApp_Image_2023_05_13_at_10_16_27_AM.jpeg)
উদ্ধাৰ কৰা কেঁকো সাপডাল প্ৰথমে কুমাৰীকাটা ৰেঞ্জলৈ লৈ যোৱা হয় ৷ আৰু তাৰ পিছতে কুমাৰীকাটা বনবিভাগে সাপডাল ভুটান সীমান্তৰ ঘন জংঘলত এৰি দিয়ে বুলি জানিবলৈ দিয়ে।