যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক অর্জন ঘিলামৰাৰ ইন্দিবৰৰ

যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক অর্জন ঘিলামৰাৰ ইন্দিবৰৰ

author-image
asomiyapratidin
New Update
যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক অর্জন ঘিলামৰাৰ ইন্দিবৰৰ

ডিজিটেল সংবাদ ,ঢকুৱাখনা :   সদ্য অনুষ্ঠিত অসম যুৱ অলিম্পিক ২০২২ত গতানুগতিক ভাৱেই ইস্পিত শুভ সংবাদ আজুৰি আনিবলৈ সক্ষম হৈছে ঢকুৱাখনা মহকুমাৰ উদীয়মান ক্ৰীড়াবিদ সকলে। মঙলবাৰে প্ৰথম দিনা  টাইকোৱানডোত স্বৰ্ণ পদকেৰে উজ্বলি উঠাৰ পাছত ঢকুৱাখনা মহকুমাৰ ক্ৰীড়া ক্ষেত্ৰখন সমুজ্জ্বল কৰি বুধবাৰে পুনৰ এটা স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হল ঘিলামৰাৰ এগৰাকী যুৱ প্ৰতিভাধৰে।

Advertisment

  লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ পৰা অংশগ্ৰহণ কৰি ঘিলামৰাৰ ইন্দিবৰ হাজৰিকাই ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

সদ্য ঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ইন্দিবৰ ঘিলামৰা ঘাহি গাঁওৰ উপেন্দ্ৰ হাজৰিকা আৰু সেউতী হাজৰিকাৰ পুত্ৰ।  ঘিলামৰা প্ৰেছ ক্লাৱ , ঘিলামৰা নাগৰিক মঞ্চ , ইংগিত নাট্য গোষ্ঠী ,ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা  আৰু মহকুমাটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজে ইন্দিবৰৰ এই সাফল্যত অভিনন্দন জনাইছে ।

আৰু পঢ়ক: যুৱ অলিম্পিকৰ টাং চু ডু প্ৰতিযোগিতাত সোণৰ পদক লাভ ভৱাৰ্ণব অশোক শইকীয়াৰ…

assam youth olympic assam