ভাৰতীয় আয়ুষ খণ্ডই ২৩ বিলিয়ন ডলাৰৰ লৈকে সম্প্ৰসাৰণ কৰিব আন্তৰ্জাতিক বজাৰৰ অংশীদাৰিত্ব : সৰ্বানন্দ সোনোৱাল

ভাৰতীয় আয়ুষ খণ্ডই ২৩ বিলিয়ন ডলাৰৰ লৈকে সম্প্ৰসাৰণ কৰিব আন্তৰ্জাতিক বজাৰৰ অংশীদাৰিত্ব : সৰ্বানন্দ সোনোৱাল

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে নাগপুৰত অনুষ্ঠিত এক সভাত কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য । দেশৰ আয়ুষ খণ্ডই আগন্তুক ২০২৩ বৰ্ষত আন্তৰ্জাতিক বজাৰৰ অংশীদাৰিত্ব ২৩ বিলিয়ন আমেৰিকান ডলাৰলৈ সম্প্ৰসাৰণ কৰিব বুলি জনায় মন্ত্ৰীজনে ।

মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কৰা মন্তব্য অনুসৰি, আয়ুৰ্বেদ হৈছে ৫ হাজাৰতকৈও পুৰণি সমৃদ্ধ ঐতিহ্যৰ পৰা সৃষ্টি হোৱা এক উৎকৃষ্ট পদ্ধতি । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'ভোকেল ফৰ লোকেল'ৰ বাবে থলুৱাভাৱে আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰি অহা লোকসকলেও লাভ কৰিছে উৎসাহ । যাৰ বাবে তেওঁলোকেও দেশৰ অৰ্থনীতিত অৰিহনা যোগাবলৈ সক্ষম হৈছে ।

ইয়াৰ ওপৰিও আয়ুৰ্বেদৰ ব্যাপক গ্ৰহণযোগ্যতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰে যে, অইন ঔষধি খণ্ডবোৰৰ সৈতেই আয়ুৰ্বেদিকৰ বিশ্বব্যাপী গ্ৰহণযোগ্যতাই অতি শীঘ্ৰেই ভাৰতক এই ২৩ বিলিয়ন ডলাৰৰ অংশীদাৰিত্ব প্ৰদান কৰিব ।

আনহাতে, প্ৰত্যাশিত লক্ষ্যত উপনীত হ'বলৈ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ইতিমধ্যেই বহু পদক্ষেপ হাতত লৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in