ইয়াত কেৱল বোমাৰ শব্দ শুনিছো,ছাই হৈ যোৱা দেখিছো সকলো- ভাৰতীয় ছাত্ৰৰ আহ্বান চৰকাৰক…

ইয়াত কেৱল বোমাৰ শব্দ শুনিছো,ছাই হৈ যোৱা দেখিছো সকলো- ভাৰতীয় ছাত্ৰৰ আহ্বান চৰকাৰক…

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ খেৰচন চহৰ ৰাছিয়াৰ দখলত…

ডিজিটেল ডেস্ক: "বৰ্তমান ইউক্ৰেইনৰ চুমি আৰু পূৱ অংশৰ পৰিস্থিতি বহু বেয়া। আমি কষ্ট পাইছো। যোৱা নিশা চাইৰেন বজোৱাৰ পাছত আমি গোটেই ৰাতি বাংকাৰতে আছিলো।বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত স্থান বোৰ জ্বলাই দিয়া হৈছিল। বিভিন্ন বিদ্যালয় ভাঙি পেলোৱা হৈছিল"- ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ নীলম কলিতাই এই বাৰ্তা প্ৰেৰণ কৰিছে সংবাদ মাধ্যমলৈ।

Advertisment

"আমি সকলো সময়তে কেৱল বোমা বিস্ফোৰণৰ শব্দ শুনি আছো, লগতে শুনিবলৈ পাইছো চাইৰেনৰ শব্দ। এই মুহূৰ্তত চুমি আৰু খাৰকিয়েভ ভয়ংকৰ সংকটত আছে। খাৰকিয়েভত কালি আমাৰ ভাতৃৰ মৃত্যুৰ ঘটনাৰ পিছত ইয়াত পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিছে"।

"সেইবাবে মই ভাৰত চৰকাৰ আৰু দূতাবাসক অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি  গংগা অভিযানৰ দ্বাৰা যিমান সম্ভৱ সোনকালে আমাক স্থানান্তৰ কৰক। আমি সঁচাকৈয়ে বহুত শংকাত জীৱাই আছো"।

উল্লেখ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ এতিয়াও অব্যাহত । ইতিমধ্যে ৰাছিয়াৰ সেনাৰ গুলীত নিহত হৈছে এজন ছাত্ৰ। বহু ভাৰতীয় নাগৰিকক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও বহু ভাৰতীয় ইউক্ৰেইনতে আৱদ্ধ হৈ আছে।

india ukraine russia